“ফুলতকৈও কোমল মোৰ হৃদয় , কিন্তু বজ্ৰতকৈও কঠিন মোৰ হৃদয় । যেতিয়া সমাজৰ দুস্কৃতিকাৰীৰ কথা আমি পাতো , যেতিয়া সমাজ খন ভিন্ন ভিন্ন কৰিবলৈ সজু হোৱা মানুহৰ কথা আমি পাতো , যেতিয়া আমি ড্ৰাগছ বা মাদক দ্ৰব্য আদিৰ অৰ্থাৎ যাৰ দ্বাৰা এটা প্ৰজন্ম শেষ হ’বলৈ আগ বাঢ়ে তেনেকুৱা কামত লিপ্ত হোৱা বা কাম কৰা সকলৰ বাবে আমি বজ্ৰতকৈও কঠিন হও । মহিলাক নিস্পেষন কৰা, সৰু ল’ৰা ছোৱালীক অত্যাচাৰ কৰা আদি এনেকুৱা ধৰণৰ প্ৰবনতাক আমি কঠোৰ হাতেৰে মষিমূৰ কৰিবলৈ চেষ্টা কৰিম । গতিকে এই ক্ষেত্ৰত আমি আইনৰ গান্দিত থাকি আমি যিমান ষ্ট্ৰোং ব্যৱস্থা লব লাগে আমি লম । আমি সাধাৰন মানুহৰ বাবে , মহিলাৰ বাবে, শিশুৰ বাবে আমি ফুলতকৈও কোমল ।আমি তেওঁলোকক আকোঁৱালি লৈ যিমান ভালদৰে ৰাখিবলৈ পাৰি সিমান ভালকৈ ৰাখিবলৈ চেষ্টা কৰিম ।”” আজি লক্ষীপুৰত উপস্থিত হৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই লক্ষীপুৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি এই মন্তব্যৰে অসম আৰক্ষী অপৰাধাৰ ক্ষেত্ৰত আপোচ নকৰে বুলি অনুষ্টুপীয়াকৈ অনুষ্ঠিত সভাত দৃঢ় ভাবে ব্যক্ত কৰে ।
উল্লেখ্য যে মৈত্রী আঁচনিৰ জৰিয়তে ১ কোটি ৫৮ লাখ উনচল্লিছ হাজাৰ ৬১৬ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল নৱ নিৰ্মিত ভৱনটো। আজি এই নৱনিৰ্মিত ভৱনটো উল্লিখিত সঞ্চালক প্ৰধান গৰাকীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানৰ প্ৰাক্ মূহূর্তত সঞ্চালক প্ৰধান গৰাকীক উষ্ম সম্ভাষণ জনােৱা হয় । শুভ উদ্বোধনী অনুষ্ঠানত পশ্চিম সংমণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক দিলীপ কুমাৰ দে, পদ্মশ্ৰী বীৰু বালা ৰাভা,এ পি ডি চি এল ৰ সঞ্চালক ডঃ প্ৰকাশ কাশ্যপ, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী উপস্থিত থাকে। ইপিনে বৃহত্তৰ লক্ষীপুৰৰ ভৌগোলিক পৰিবেশৰ প্ৰতি লক্ষ্য কৰি মহকুমা আৰক্ষী থানা লৈ উন্নীত কৰাৰ পোষকতা কৰে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । এই অনুষ্ঠানৰ শলাগৰ সৰাই আগবঢ়ায় অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই । অনুষ্ঠানত উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা , লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগুকে ধৰি ভালেমান বিশিষ্ট আৰক্ষী বিষয়াকে লোক উপস্থিত থাকে । উল্লেখ্য যে সঞ্চালক প্ৰধান গৰাকীয়ে গোৱালপাৰা আৰক্ষীৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰে তেওঁৰ ভাষন প্ৰসঙ্গৰে ।