ৰণবীৰ-আলিয়াৰ বিয়া কেতিয়া? 

আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহক লৈ সৰ্বত্ৰে চৰ্চা হৈ পৰিছে এতিয়া। সঁচাকৈ হ’ব নেকি ৰণবীৰ-আলিয়াৰ বিয়া? তাৰ উত্তৰৰ অপেক্ষাত আছে আলিয়া-ৰণবীৰৰ অনুৰাগীসকল। বিগত দুটা বছৰত আলিয়া আৰু ৰণবীৰৰ বিয়াক লৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছিল, আৰু এই বিষয়টোৰ ওপৰত আলিয়াই কয় যে, “যেতিয়া মই সঁচাকৈয়ে বিবাহপাশত আৱদ্ধ হ’ম, হয়তো মানুহে তেতিয়াও ইয়াক উৰাবাতৰি বুলি ভাৱিব।”

যোৱা কেইদিনমানৰ পৰা বলীউডত আলিয়া-ৰণবীৰৰ বিবাহৰ খবৰ বিয়পি পৰিছে। খবৰ অনুসৰি ৰণবীৰ আৰু আলিয়াই এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত বিবাহ পাশত আবদ্ধ হ’ব। কাপুৰ আৰু ভাট পৰিয়ালৰ এগৰাকী ঘনিষ্ঠ ব্যক্তিয়ে জনায় যে, আলিয়াৰ ককা বহুত অসুস্থ, আৰু তেওঁৰ ইচ্ছা – মৃত্যুৰ আগে নাতিনীয়েক আলিয়াৰ বিয়া চোৱা। ছনি ৰাজদানৰ দেউতাক এন ৰাজদানে ৰণবীৰক বৰ ভাল পায়। তেওঁ বিচাৰে যে ৰণবীৰ আৰু আলিয়া সোনকালেই বিবাহপাশত আৱদ্ধ হওক। তাৰকা দম্পতীটোৱে তেওঁলোকৰ ককাকৰ ইচ্ছাৰ বাবেই বিয়া কৰাৰ সিদ্ধান্ত লৈছে। সূত্ৰ অনুসৰি, ৰণবীৰ-আলিয়াই ১৭ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা। অৱশ্যে আলিয়াৰ ককাৰ অসুস্থতাৰ বাবে বিবাৰ তাৰিখ সলনিও হ’ব পাৰে।

ইতিমধ্যে ৰণবীৰ কাপুৰৰ পৰিয়ালৰ লোকসকলে আলিয়াক বোৱাৰীৰ দৃষ্টিৰে গ্ৰহণ কৰিছে। গতিকে এই বিবাহখন অতিৰিক্ত জাকজমকতা নকৰাকৈ অতি সৰল ভাৱে অনুষ্ঠানটো সম্পূৰ্ণ কৰিব। মঙলবাৰে ৰণবীৰ-আলিয়াৰ বিবাহৰ উৰাবাতৰি লৈ ৰণবীৰৰ বৰদেউতা ৰণধীৰ কাপুৰে জনায় যে, “মই এতিয়া মুম্বাইত নাই, মই বিবাহৰ বিষয়ে জ্ঞাত নহয়, যদি আমৰ পৰিয়ালৰ মাজত বিবাহৰ কথা চলিছে তেন্তে মই নিশ্চিত যে মোক তেওঁলোকে এই বিষয়ে লৈ অবগত কৰিব। সত্যটো কি আপোনালোকে কেইদিনৰ পিছতে জানিব পাৰিব। “

Related Articles