অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিকো একপ্ৰকাৰ তচনচ কৰি পেলাইছিল ৷ সেইয়ে বিগত বৰ্ষটোত প্ৰতিজন অসমীয়াই অতি আগ্ৰহেৰে তথা হেপাঁহেৰে আদৰিবলৈ বাট চাই থকা ৰঙালী বিহুটিক অসমৰ ৰাইজে উদযাপন কৰিব নোবাৰিলে ক’ৰোনা মহামাৰীৰ বিভিষিকাময় সন্ত্ৰাসৰ পৰা ৷
বিগত বৰ্ষত আমাৰ জাতীয় উৎসৱ হিচাপে পৰিচিত ৰঙালী বিহুটিও যেন এক কৃত্ৰিম সংস্কৃতিত পৰিণত হৈছিল তেনে অনুভৱ হৈছিল সেইসময়ত সকলোৰে মনত ৷ পূৰ্ৱতে অসমৰ গাঁৱেভূঞে পহিলা চ’তৰ পৰাই চলিছিল ৰঙালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি ৷ পূৰ্ৱতে গ্ৰামাঞ্চল সমূহৰ চুবুৰীয়ে চুবুৰীয়ে জীয়ৰী-বোৱাৰীৰ ভৰিৰ চাৱত উদ্ভাসিত হোবা ঢেঁকীৰ ঢেক্-ঢেক্ শব্দই ভংগ কৰিছিল পুৱতি নিশাৰ ঘুমটি মৰা নিৰ্জনতা ৷ গ্ৰামাঞ্চলৰ প্ৰতিঘৰতে ৰঙালীক আদৰাৰ বাবে পূৰ্ণদ্যমে প্ৰতিযোগিতা সদৃশ চলিছিল চিৰা-সান্দহ-কঢ়াইগুৰি-পিঠাগুৰি,তিল পিঠা-মিঠৈ লাৰু,তিলৰ লাৰু,নাৰিকলৰ লাৰু আদি নানাবিধ পিঠাপনা প্ৰস্তুত কৰাৰ ব্যাপক আয়োজন ৷ কিন্ত,বৰ্তমান সময় বাগৰাৰ লগে লগে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিও যেন একাংশ সুবিধাবাদি পুঁজিপতি বনিকগোষ্ঠীৰ হাতত বন্দী হোৱাৰ উপক্ৰম হৈছে ৷
এতিয়া যেন পুঁজিপতি বনিক গোষ্ঠীয়ে ইচ্ছা নকৰিলে এইখন অসমতে অসমীয়াই নিজ ইচ্ছাত উদযাপন কৰিব নোবাৰা হ’ল বাপতিসাহোন ৰঙালী বিহুটিও ৷ পুঁজিপতি বনিক গোষ্ঠীয়ে যদি অসমৰ বজাৰত মাদ্ৰাজৰ পৰা আমদানিকৃত গামোছা বিক্ৰী নকৰে তেনেহলে ৰঙালী বিহুৰ দিনা বিহুৱান বুলি কান্ধত এখন গামোছাও অসমীয়াই লবলৈ নোবাৰা হ’ল ৷ কিয়নো, বৰ্তমান অসমৰ অসমীয়া শিপিনীয়ে নিজহাতে অতিকষ্টৰে বোৱা ফুলাম গামোছা খনি আপুনি মই শিপিনী গৰাকীক উচিত মূল্য দিবলৈ আগ্ৰহী নহয় ৷ শিপিনী গৰাকীক ফুলাম গামোছা এখনৰ বিপৰীতে আপুনি মই দিছো মাত্ৰ সামান্য মাননি ৷সম্প্ৰতি গ্ৰামাঞ্চলৰ শিপিনীৰ মাজত নাই তাতঁশালৰ মাকোৰ খিটখিটনি মৰা শব্দবোৰ ৷ কিন্ত বাপতিসাহোন ৰঙালী বিহুটিত প্ৰতিজন অসমীয়াকে প্ৰয়োজন হয় একোখনকৈ ফুলাম গামোছাৰ ৷ বৰ্তমান যি উদ্যমী-অতোৎসাহী শিপিনীয়ে অতি কষ্টৰে হেপাহেৰে নিজৰ তাতঁশাল খনিত ফুলাম গামোছা বৈ অসমৰ সংস্কৃতি বৰ্তমানেও জীপাল কৰি ৰাখিছে সেইসকল প্ৰকৃত শিপিনী কিন্ত সকলো পিনৰে পৰা উপযুক্ত মৰ্যাদাৰ পৰা সদায় বঞ্চিত হৈ অহা পৰিলক্ষিত হৈছে ৷
ৰজাঘৰীৰ-প্ৰজাঘৰীয়া সকলোৰে পৰা নানা প্ৰকাৰে বঞ্চিত হৈ আহিছে আজিৰ এইসকল শিপিনী৷ সেইবাবেই সমগ্ৰ ৰাজ্যতে এতিয়া উভৈনদী হৈ পৰিছে বৰ্হিঃৰাজ্যৰ আমদানিকৃত গামোছাৰে ৷ তালৈ যেন কোনো ভূক্ষেপ নাই ৰাজ্যৰ বিয়াগোম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বৰমুৰীয়া সকলৰ ৷ তেওঁলোকৰ যেন কোনো কৰণীয় নাই এইক্ষেত্ৰত শিপিনী সকলৰ প্ৰতি ৷ আজিৰ পৰা তিনি-চাৰি বছৰৰ আগতে ৰাজ্যত বৰ্হিঃৰাজ্যৰ গামোছা আদি বিক্ৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক কঠোৰ নিষেধাজ্ঞা কৰিছিল যদিও আজি যেন সেই সকলো নিষেধাজ্ঞাক আওকাণ কৰি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈকে সুবিধাবাদি বনিকগোষ্ঠীয়ে চলাই গৈছে মাদ্ৰাজৰ গামোছাৰে এক ৰমৰমীয়া বৃহৎ ব্যৱসায় ৷
ইয়াৰ সমান্তৰালভাৱে ৰঙালীৰ আগমনৰ লগে লগে ৰাজ্য খনৰ আন আন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত সহজেই উপলব্ধ হৈছে নাচনীয়ে বিহুত নাচিবৰ সময়ত ব্যৱহাৰ কৰা কপৌফুল-গামখাৰু,মুঠিখাৰু আদিৰ দৰেই প্ৰায় একেৰূপত বাহিৰৰ কম্পেনীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুল-প্লাষ্টিকৰ গামখাৰু,মুঠিখাৰু,নানাবিধ অসমীয়া গহণাগাঁঠৰি আদি ৷ অৰ্থাৎ সম্প্ৰতি চেনেহৰ ঢুলীয়া ককাইয়ে পাহাৰ বগাই বগাই নাচনীৰ বাবে কপৌ নানিলেও কিন্ত কম্পেনীৰ ফেক্টৰীত নিৰ্মিত প্লাষ্টিকৰ কপৌফুলেই এতিয়া শোভাবৰ্ধন কৰিব নাচনীৰ নেঘেঁৰি খোপাটোও ৷
সেইদৰে নাচনীয়ে ব্যৱহাৰ কৰা গামখাৰু,মুঠিখাৰু,গলপতা,থুৰীয়া আনকি উত্তৰ প্ৰদেশৰ বানাৰসৰ বৃহৎ বৃহৎ কম্পেনীৰ ফেক্টৰীত উৎপাদিত অসমৰ অসমীয়া মহিলাৰ ৰিহা- মেখেলা-চাদৰৰ চানেকি তথা আৰ্হিৰে তৈয়াৰী ৰিহা-মেখেলা-চাদৰ আদিও সহজলব্ধ হৈ পৰিছে বৰ্তমান ৰাজ্যৰ বজাৰত৷ সেই ৰিহা- মেখেলা-চাদৰকে পৰিধান কৰি এতিয়া অসমৰ জীয়ৰী-বোৱাৰীয়ে বিহু বুলি বিহুতলীত মাৰিব লগা হৈছে একাপ বিহু ৷ উল্লেখ্য যে, বৰ্তমান সময়ত ঢেঁকীত খুন্দা চিৰা-সান্দহ-কয়াই আদিৰ পৰিৰ্বতে বজাৰত বিক্ৰীৰ বাবে সহজলব্ধ পেকেটিং পিঠাপনা-চিৰা-সান্দহ-কয়াইৰে এতিয়া গৰিষ্ঠসংখ্যক অসমীয়াই নিজকে অসমীয়া বুলি চিনাকি দিয়াবলৈ ব্যৱহাৰ কৰি আহিছে সুবিধাবাদি বনিকগোষ্ঠীৰ দ্বাৰা সহজলব্ধ এইসমূহ খাদ্য সম্ভাৰ ৷
এইক্ষেত্ৰত ৰাজ্য চৰকাৰ সাংস্কৃতিক বিভাগৰ নিৰ্বিকাৰ ভুমিকা তথা থলুৱা শিল্পৰ সমূহৰ সংৰক্ষণৰ প্ৰতি মাহীআইৰ দৃষ্টি আদি কাৰকৰ বাবেও পুঁজিপতি সুবিধাবাদি বনিকগোষ্ঠীয়ে অসমৰ বৰঘৰত সুমাই অসমীয়া সংস্কৃতিক যে কোঠাৰাঘাট কৰি গৈছে সেই কথা ধ্ৰৰূপ ৷