কাকপথাৰৰ অন্যতম শিক্ষানুষ্ঠান পদ্মনাথ গোহাঞিবৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি অনুষ্ঠানত অংশ ল’লে বিশিষ্ট কবি-সাহিত্যিক তথা দ্বিতীয় অসম পুলিচ বেটেলিয়নৰ অধিনায়ক ডঃ নন্দ সিং বৰকলাই

তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী এটি অঞ্চল হৈছে কাকপথাৰ। এই কাকপথাৰৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অন্যতম শিক্ষানুষ্ঠান হৈছে পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়। এই শিক্ষানুষ্ঠানৰ অন্যতম এক ব্যতিক্ৰমী কাৰ্যসূচীত অসমৰ সু-সাহিত্যিক ড’ নন্দ সিং বৰকলাই অংশ গ্ৰহণ কৰি তেওঁৰ গৰিমা আৰু প্ৰতিমাৰে সজাই তোলা শব্দৰত্নই সোণত সুৱগা চৰাইছিল। “ভূগোল নাজানিলে আমি আমাৰ চাৰিসীমা চিনি নাপাম। বুৰঞ্জী নাজানিলে আমাৰ অতীত-ঐতিহ্য বিচাৰি নাপাম। একেদৰে মাতৃভাষাত শিক্ষা গ্ৰহণৰ অবিহনে জাতীয় উন্নতি সম্ভৱ নহয়।” – পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাকপথাৰৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানৰ মুকলি সভা আৰু বঁটা বিতৰণীৰ কাৰ্যসূচীত  মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বক্তব্য ৰাখে বিশিষ্ট কবি-সাহিত্যিক-গৱেষক তথা মাকুমস্থিত দ্বিতীয় অসম পুলিচ বেটেলিয়নৰ অধিনায়ক ডঃ নন্দ সিং বৰকলাই।

মাটিয়ে বহন কৰে মানৱ সভ্যতাৰ বিশাল জীৱন কলা। আমাৰ পেটৰ ভোক নিবাৰণৰ সৰল মহাভাৰত মাটি। মাটিৰ শব্দকলাত আমাৰ জীৱনৰ ধ্বনিময় সমতালৰ সংস্কৃত মৰ্যাদা অপৰিসীম। মাটিয়ে বহন কৰি থাকে ভাষাৰ নান্দনিক শব্দমূল্য। পৃথিৱীৰ সকলো প্ৰান্তৰ ভাষাই মাটিৰে মানুহৰ সন্ধান কৰে। অসম আৰু অসমীয়া জীৱনকালত মাতৃভাষাৰ কোনো সমকক্ষ নাই। যোৱা ৯ এপ্ৰিলত তিনিচুকীয়াৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ মুকলি সভাত মুখ্য অতিথি ৰূপে এনেদৰে কয় বিশিষ্ট কবি, সাহিত্যিক তথা অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া ড° নন্দ সিং বৰকলাই। অসম অৰুণাচল সীমান্তত নৃ-গোষ্ঠীয় জীৱন কলাৰে সংপৃক্ত কাকপথাৰত অৱস্থিত মহাবিদ্যালয় খনৰ ছাত্ৰ সমাজৰ বিৰল পৰিশীলিত শৃংখলাই সভাকক্ষৰ প্ৰত্যেককে মোহিত কৰে।

শিক্ষাৰ দ্বাৰা জীৱন জ্ঞানময় কৰি ব্যক্তিত্বক শকত পৰিভাষাৰে নিৰ্ণয় কৰি সমষ্টিগত ব্যক্তিত্ব গঢ়িবলৈ আহ্বান জনাই ড° বৰকলাই কয় যে আমাৰ অগ্ৰজ ধীমান কৃতধী সাহিত্যিক, গীতিকাৰ, বায়ন, গুৰু শংকৰ-মাধৱ, পাৰ্থিয় ৰাজশাসনৰ গৌৰৱ । অসমীয়া মহা জাতিয়ে সহ্য কৰা নানা দুৰ্যোগ আৰু সেইবোৰ ওফৰাই বৰ্তমান অসমৰ ৰূপে বিশ্বত নৱ-ৰূপ পৰিগ্ৰহ কৰিছে। জাতীয় চেতনা, চিন্তা, মাতৃভাষাৰ ব্যৱহাৰৰ দ্বাৰা এটি জাতিৰ চৰিত্ৰ নিৰ্ণয় হয়। এই দিশত ছাত্ৰ সমাজক সাৱলীল হোৱাৰ আহ্বান জনাই আমাৰ মহাকাব্যৰ মৰ্মক উপলব্ধি কৰি ভাৰতৰ বুকুত নতুন পৃথিৱী নিৰ্মাণ সম্ভৱ কৰি তুলিব লাগিব।মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° টি আৰ মজিন্দাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্ত, সমাজসেৱী ললিত মৰাণ আদিয়ে বক্তব্য ৰাখে।

Related Articles