দুধৰ্ষ গাড়ীচোৰ আনোৱাৰ হুছেইন ওৰেফে বগা কিছুদিন পূৰ্বে আৰক্ষীয়ে ভৰিত গুলিয়াই আহত কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। জেলৰ পৰা মুকলি হৈয়ে আকৌ গাড়ী চুৰি কৰি পলাশবাৰী আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গাড়ীচোৰ বগা ওৰেফে আনোৱাৰ হুছেইন। জানিবপৰামতে যোৱা ৯ এপ্ৰিলৰ নিশা পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে পলাশবাৰী-হুদুমপুৰ পথত তহল দি আছিল। তেনে অৱস্থাত তিনিজন অচিনাকী যুৱকে দুখন মটৰ চাইকেল ৰখাই কথা পাতি আছিল। আৰক্ষীৰ গাড়ী দেখা পাই যুৱক তিনিজনে মটৰ চাইকেল দুখন এৰি থৈ পলায়ণ কৰে।
পিছত আৰক্ষীয়ে যুৱক তিনিজনৰ পিছে পিছে খেদি গৈ দুধৰ্ষ গাড়ী চোৰ আনোৱাৰ হুছেইন ওৰেফে বগাক কৰায়ত্ত কৰাৰ লগতে দুখন পালচাৰ মটৰ চাইকেল জব্দ কৰে। বাকী দুটা চোৰ এন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয়। জব্দকৃত কলা, নীলা ৰঙৰ ২২০ পালচাৰ মটৰ চাইকেল দুখন নলবাৰী আৰু জালুকবাৰীৰ পৰা চুৰ কৰি অনা বুলি পলাশবাৰী নগৰ আৰক্ষী চকীৰ সহ: উপ পৰিদৰ্শক মনমোহন দাসে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭০/৪১১ ধাৰাত ১৪৭/২২ নং এক গোচৰ ৰুজু কৰি আজি দুধৰ্ষ গাড়ীচোৰ বগাক জেল হাজোতলৈ প্ৰেৰণ কৰে।