দক্ষিণ শালমাৰাৰ উজান বজৰাত তিনিমহীয়া কেঁচুৱাক প্ৰথমে অপহৰণ তাৰ পিছত হত্যা

বিহুৰ আনন্দৰ মাজতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বৰ কাজিৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিশা শোৱাপাটীৰ পৰা কোনো পাষণ্ডই অপহৰণ কৰি হত্যা কৰি পেলাই দিয়ে এটি নিস্পাপ শিশুক ৷জানিব পৰা মতে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত উজান বজৰা গাৱঁৰ আব্দুল কালামৰ এটি তিনি মহীয়া দেৱ শিশু মাতৃ পানফুল বেগমৰ লগত শুই থকা অৱস্থাত কোনো দুষ্কৃতিকাৰীয়ে ৰাতি অনুমান ১১ বজাত শোৱাপাটীৰ পৰা অপহৰণ কৰে ৷ শিশু অপহৰণ হোৱা ঘটনাই অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে নিশা বিচাৰ খোচাৰ কৰি শিশুটিৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল যদিও আজি পোৱাৰ ভাগত আব্দুল কালামৰ ঘৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত থকা এটা পুখুৰীৰ পৰা শিশুটিৰ মৃতদেহটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে৷

শিশুটিৰ মাতৃ পানফুল বেগমৰ ভাষ্য মতে , নিশা প্ৰায় ১১ বজাত মাতৃৰ সৈতে বিছনাত শুই থকা অৱস্থাত নিস্পাপ শিশুটিক মাতৃৰ পৰা কাঢ়ি লৈ যায় দুস্কৃতিকাৰীয়ে ৷ইতিমধ্যে ঘটনাস্থলীত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আয়ুক্ত বিভাস মেধীৰ লগতে সুখচৰ থানাৰ আৰক্ষী এটা দল উপস্থিতহৈ ঘটনাৰ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰনোত্তৰ পৰিক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷উল্লেখ্য যে, ২ এপ্ৰিলৰ দিনা সুখচৰ থানাৰ অন্তৰ্গত মলাখোৱা গাৱঁতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ এটি ৭ মহীয়া দেৱ শিশুক মাতৃৰ লগত শুই থকা অৱস্থাৰ পৰা কোনো দুৰ্বৃত্তই অপহৰণ কৰি নি হত্যা কৰি পেলাই থৈছিল ৷
এতিয়াও সকলো ঘটনা ৰহস্যৰ আৱৰ্তত ! কোনে কিয় হত্যা কৰিছে এটি তিনি মহীয়া দেৱ শিশুক ?

Related Articles