অৰুণাচল প্ৰদেশৰ পাছিঘাটত ব’হাগ বিহুৰ বাৰে-বৰণীয়া অনুষ্ঠান

বহাগ যেতিয়া আহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যস্ত হৈ পৰে সকলোটি, উজুটিত যতঁৰ ভাঙি যোৱাৰ ব্যস্ততা ৷ ঘৰে-ঘৰে ব্যস্ততা আৰু ব্যস্ততা৷ তাঁতৰ শালৰ পৰা আৰম্ভ কৰি বিহুৰ পিঠা-পনা বনোৱালৈকে গৃহিনী, শিপিনী সকলোৱে ব্যস্ত হৈ পৰে হেঁপাহৰ বহাগক আদৰিবলৈ৷এনে এক সময়তে অৰুণাচল প্ৰদেশৰ পাছিঘাটত দেখা গল এটা ব্যতিক্ৰম দৃশ্য । বাপতি সাহোন মৰমৰ ৰঙালী বিহুক লৈ এইবাৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটত শ্ৰী শ্ৰী শংকৰ গুৰু কৃষ্টি কেন্দ্ৰৰ উদ্যোগত অসম অৰুণাচল লোকসকলৰ মাজত ভাতৃত্ববোধৰ এনাজৰী আৰু সম্মন্বয় স্থাপন কৰাৰ লক্ষ্যৰে বাৰে বৰণীয়া বিহু উদযাপন কৰা দেখা গল।

অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে নিজ নিজ জাতীয় কলা সংস্কৃতিৰ প্ৰদৰ্শনীৰ জৰিয়তে একেলগে সাজি কাচি কৰা নৃত্যৰ তালে তালে ঢোল, পেঁপা আৰু গগনাৰ ধ্বনিত মুখৰিত হৈ পৰে অৰুণাচল প্ৰদেশৰ সমগ্ৰ পাছিঘাট অঞ্চল।অসমীয়াৰ স্বাভিমান তথা জাতীয় উৎসৱ বহাগ বিহুটিয়ে বিভিন্ন জাতি, ধৰ্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি সকলো ধৰণৰ অসূয়া, অপ্ৰীতি তথা অপায় অমঙ্গল দূৰ কৰি শান্তি আৰু সমন্বয়ৰ জৰিয়তে এখন সুস্থ সবল সমাজ প্রতিষ্ঠা কৰাৰ লক্ষ্যৰে উদযাপন কৰা বিহুটিয়ে এটা কালজয়ী সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ।

Related Articles