দূৰ্বৃওৰ গুলিত নিহত বেনুচন্দ্ৰ ৰাভা আৰু আহত হীৰক জ্যোতি ৰাভাৰ বাসগৃহত ইউ পি পি এল দলৰ বিধায়ক লৰেন ইছালাৰী উপস্থিত

যোৱা পৌৰহী পৰ্বতঝোৰাৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কচুতোলাৰ বংশীৰঝোৰা গাওঁত খেতিয়ক বেনুচন্দ্ৰ ৰাভাক দূৰতই বৰবৰতা ভাৱে গুলিয়াই হত্যা কৰে আৰু তেওঁৰ পুএ হীৰক জ্যোতিক গুলিয়াই আহত কৰে৷আজি কোকৰাঝাৰ পূব সমষ্টিৰ UPPL দ’লৰ বিধায়ক লৰেন ইছালাৰী আৰু পৰ্ব্বতঝোৰা জিলা UPPL দ’লৰ এটি বৃহৎ সঁজাতী দল লগতলৈ এনেধৰে দুচকীয়া মটৰ ছাইকেলেৰে নিহত বেনুচন্দ্ৰ ৰাভা আহত হীৰক জ্যোতি ৰাভাৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷দূৰ্বৃত্তৰ এই বৰবৰতা কাৰ্য্যক বিধায়ক গৰাকীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে প্ৰশসানক অতি সোনকালে ঘটনাটো তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ দাৱী জনায়৷

আজিৰ এই পৰিৰ্দশন কালত বিধায়ক লৰেন ইছালাৰীৰ লগতে পৰ্ব্বতঝোৰা UPPL দ’লৰ জিলা সভাপতি প্ৰসন কুমাৰ ব্ৰহ্মৰ লগতে জিলাৰ সাধাৰন সম্পাদক ছেলিম আহমেদ খান উপস্থিত থাকে ৷

Related Articles