চিলাপথাৰৰ সৰুপামত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী আদৰণি কাৰ্যসূচী

দুদিনীয়া কাৰ্যসূচীৰে চিলাপথাৰ সৰুপাম হাজং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত বৃহত্তৰ সৰুপাম যুৱক সমাজৰ উদ্যোগত আৰু সৰুপামবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দ্বিতীয় বাৰ্ষিক সৰুপাম আঞ্চলিক ব’হাগী আদৰণি অনুষ্ঠান অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপনকে ধৰি উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চুতীয়াৰ নেতৃত্বত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই । ইয়াৰ পাছতে অঞ্চলৰ যুৱক-যুৱতী সকলৰ মাজত কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।সৰুপাম বোৱাৰী জেং বিহু দলৰ বিহুতলী উন্মোচনৰ পাছতেই কণমানি বিহুৱতী প্ৰতিযোগিতা , বিহুগীত , ঢোলবাদন , পেপাবাদন , বাঁহী বাদন প্ৰতিযোগিতা আৰম্ভ হয় ।সন্ধিয়া ৬ বজাত প্ৰভাত গগৈৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পাছতেই গগনা বাদন প্ৰতিযোগিতা , চেমনীয়া বিহুৱতী প্ৰতিযোগিতা আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

কালিলৈ দ্বিতীয় দিনাৰ মুকলি সভাত প্ৰতিযোগিতাত স্হানপ্ৰাপ্ত সকলক পুৰস্কৃত কৰাৰ লগতে ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম দাস আৰু পুনৰ চমুৱাৰ গীতৰ লহৰ।

Related Articles