দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ লক্ষৰে দৰঙৰ খাৰুপেটীয়াত আত্মপ্ৰকাশ কৰে ” দুৰ্নীতি মুক্ত সংগ্ৰাম অসম ” নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই । নতুনকৈ আত্মপ্ৰকাশ কৰি খাৰুপেটীয়াত দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে । সংবাদ মেলত স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি মুছলিম উদ্দিনে কয় – দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যোৱাই হব এই সংগঠনৰ লক্ষ্য আৰু উদ্দেশ্য ।
প্ৰতিটো বিভাগতে সংঘটিত হৈ থকা সকলো দুৰ্নীতিৰ লগতে সমাজত চলি থকা বাল্য বিবাহ ,জুৱা , অসামাজিক কাৰ্যকলাপৰ পৰা আৰম্ভ কৰি ভু- মাফিয়া , ছিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদিতক দলগাৱত সংস্থাপনৰ নামত দুটা সংখ্যালঘু সংগঠনৰ একাংশ নেতা কৰ্মীয়ে ধনৰ লেনদেনৰ অডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বিৰুদ্ধেও সৰব হৈ পৰে সংগঠনটো ।
সংখ্যালঘু জনগণৰ হৈ ঘৰিয়ালৰ চকুপানী টুকা এই সকল দুৰ্নীতিকাৰী নেতা কৰ্মীৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে আইনী ব্যৱস্হা গ্ৰহণ কৰা হব বুলি সংবাদ মেলত হুংকাৰ প্ৰদান কৰে নৱ গঠিত ” দুৰ্নীতিমুক্ত সংগ্ৰাম অসম ” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া সকলে । উল্লেখযোগ্য যে খাৰুপেটীয়া টাইগাৰ ক্লাব প্ৰেক্ষাগৃহত আয়োজিত সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা আবুল কালাম আজাদ , সভাপতি মুছলিম উদ্দিন , উপ -সভাপতি ক্ৰমে হাৰুন আলি আৰু মোকতাদিৰ বিল্লাহ , সাধাৰণ সম্পাদক আফতাব হুছেইন , সহকাৰী সম্পাদকদ্বয় ছোলেমান আলি , মহিবুল ইছলাম সহ বহু কৰ্মী উপস্থিত থাকে ।