বৰক্ষেত্ৰী মিনি ষ্টেডিয়াম,নাৰায়ণপুৰ-মুকালমুৱাত দ্বাদশ বাৰ্ষিক বৰক্ষেত্ৰী ৰঙালী বিহু সন্মিলন।
সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে দ্বাদশ বাৰ্ষিক বৰক্ষেত্ৰী ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হয়। ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন, শ্বহীদ তৰ্পণ, বয়োজ্যেষ্ঠ আই-পিতাৰ সেৱাৰ্থে বিহুৰ অনুষ্ঠান, গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, কলহ ভঙা প্ৰতিযোগিতা, দৌৰ প্ৰতি যোগিতা, প্ৰতিযোগিতা, অসমীয়া আধুনিক গীতৰ আধাৰত আধুনিক নৃত্য প্ৰতিযোগিতা আদি ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজনেৰে মহা ধুমধামেৰে আয়োজন কৰা হয় এই বিহু সন্মিলনৰ।
অনুষ্ঠানতে বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ লগতে বৰক্ষেত্ৰীৰ সুযোগ্য সন্তান তথা গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তও উপস্থিত থাকে।
এই বিহু সন্মিলনৰ সভাপতি বিশ্বজিত মহন্ত, কাৰ্যকৰী সভাপতি তুবুল কলিতা, উপ সভাপতি হবিৱৰ ৰহমান, আলিমুদ্দিন আলী, সাধাৰণ সম্পাদক ফুকন চন্দ্ৰ মেধি , সহ: সম্পাদক নুৰুল হুছেইন, কমল তালুকদাৰ, প্ৰাণজিত মেধি, প্ৰমুখ্যে বৰক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ তৎপৰতাত আয়োজন কৰা এই বিহু সন্মিলনৰ আধুনিক নৃত্য প্ৰতিযোগিতাৰ উদ্বোধন কৰে নৃত্য বিশাৰদ অনামিকা বৈশ্য ডেকাই।
উল্লেখ্য যে প্ৰতিবছৰে এনেদৰে সাম্প্ৰদায়িকতাৰ উৰ্দ্ধত আয়োজন কৰা বৰক্ষেত্ৰীৰ এই ৰঙালী বিহু সন্মিলনখনে আদৰ্শ দেখুৱাইছে।