ৰাজ্যৰ ভিন্ন প্ৰান্তত বিহুৰ ঢোল পেপা গ’গনাৰ সুমধুৰ ধ্বনিৰ শুনিবলৈ পোৱাৰ লগতে নাচনী সকলৰ পাৰভঙা উল্লাহ দেখিবলৈ পোৱা গৈছে।প্ৰায় দুটা বছৰৰ অন্তত এইবাৰ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে উদযাপন কৰিছে ৰঙালী বিহু, তাৰ ব্যতিক্ৰম নহয় অসমত বাস কৰা অন্যতম কলা-সংস্কৃতিৰ ভৰ-পূৰ জনগোষ্ঠী হৈছে ৰাভা জনগোষ্ঠী।
সেয়েহে ওদালগুৰি জিলা কবিৰালী আঞ্চলিক ৰাভা জাতীয় সংগঠনৰ সহযোগত ৰঙালী বিহুৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা কবিৰালীত ৰাভা সকলে উদযাপন কৰিছে “ষষ্ঠ বাৰ্ষিক মান্দাচিনি বায়নাং বিছুৱা দেৰাছুং।আৰু উক্ত উদযাপনৰ দ্বাৰাই ৰাভা লোক কৃষ্টিৰ বিভিন্ন দল সমূহে জনগোষ্ঠীয় কৃষ্টি পৰিবেশন কৰে।”
ৰাভা জনগোষ্ঠীৰ ভাষা, সাহিত্য,কলা,সংস্কৃতি, সাজ-পোচাক উৰণ পিন্ধন লোক পৰম্পৰা ধৰি ৰখাৰ লগতে জাতীয় লোক সংস্কৃতিৰ চেতনা যুৱ প্ৰ্জন্মক প্ৰদান কৰি যোৱাৰ বাবে এই উৎসৱ উদযাপন কৰে বুলি উদ্যোগক্তা সকলে জানিবলৈ দিয়ে।