মানিকপুৰৰ চকিহালীত মহিলাৰ নেতৃত্বত উলহ মালহেৰে ৰঙালী বিহু উদযাপন

এতিয়া বিহুৰ বতৰ।ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেঁপাৰ মাতত আত্মহাৰা বিহু বলীয়া ৰাইজ। দুটা বছৰ বিৰতিৰ পিছত এইবাৰ মুকলি মনেৰে উলাই আহিছে বিহু বলীয়া ৰাইজ। অসমীয়া হিয়াৰ আমঠু বিহুক লৈ পিছ পৰি থকা নাই মানিকপুৰৰ ৰাইজ। আজি মানিকপুৰৰ চকিহালী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি বিহু। ৫৯ তম চকিহালী আঞ্চলিক ৰঙালী বিহুৰ আয়োজক হিচাপে দেখা গল নাৰী শক্তি। চকিহালী অঞ্চলৰ এদল নাৰীয়ে উলহ মালহেৰে পালন কৰিলে ৰঙালী বিহু। প্ৰায় ১০ টাকৈ বিহুৱা দলে পৰিবেশন কৰিলে বিহু নৃত্য।

মুঠৰ ওপৰত ঢোল পেঁপাৰ তালে তালে ৰঙালীৰ আনন্দত চকিহালী ৰাস মন্দিৰৰ বাকৰিত আত্মহাৰা বিহু বলীয়া ৰাইজ।

Related Articles