নলবাৰীত পুত্ৰই হত্যা কৰিলে পিতৃক!ডাঙৰ ভাতৃৰ চোকা অস্ত্ৰৰ ঘাপত সৰু ভাতৃ গুৰুতৰ আঘাট,পিতৃক হত্যা কৰি পুত্ৰই বিষ পান কৰি মৰাৰ অপচেষ্টা।নলবাৰীত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি হোৱা হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণ মতে পুৱ নলবাৰীৰ অন্তৰ্গত দিহজাৰী গাওঁৰ নিৱাসী লক্ষ্যশ্বৰ বৈশ্যৰ ঘৰুৱা বিবাদক সূত্ৰপাত কৰি মংগলবাৰে নিশা প্ৰায় ১১ মান বজাত ডাঙৰ পুত্ৰ জয়ন্ত বৈশ্যই চোকা অস্ত্ৰৰে পিতৃ আৰু সৰু ভাতৃ বাপুকন বৈশ্যক আঘাট কৰে। আঘাট প্ৰাপ্ত দুয়ো গৰাকীকে ততাতিয়াকৈ উত্তৰ গুৱাহাটী নাৰায়না হস্পিতালত নিয়া হৈ যদিও ৬০ উদ্ধৰ পিতৃ লক্ষেশ্বৰ বৈশ্যৰ মৃত্যু হয় আৰু সন্য বাহিনীত কৰ্মৰত ভাতৃ বাপুকন বৈশ্যই মৃত্যুৰ লগত যুজ দি চিকিৎসাধিন হৈ আছে।
উল্লেখ্য যে নিচাযুক্ত দ্ৰব্য সেৱন কৰা প্ৰায় ৩৫ বছৰীয়া যুৱক জয়ন্ত বৈশ্যৰ পত্নী আৰু পুত্ৰ সন্তান এটাও আছে। কিন্তু ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি পিতৃক হত্যা আৰু ভাতৃক হত্যাৰ উপক্ৰম কৰি অৱশেষত নিজে বিষপান কৰি আত্মহত্যাৰ অপচেষ্টা কৰি নিশাতে ঘৰৰ পৰা ওলাই আহি নলবাৰী পাগলদিয়া ঘাটত অচেতন অৱস্থাত পৰি থকাত বাটৰুৱাৰ খৱৰৰ ভিত্তিত আৰক্ষীৰ উপস্থিতিত শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
বৰ্তমান ঘটনাস্হলিত ঘগ্ৰাপাৰ আৰক্ষী উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তৰ পিচত হে সঠিক ঘটনাটো পোহৰলৈ আহিব।