নলবাৰী চহৰৰ মাজ-মজিয়াত জহি-খহি যোৱা এটি বোকাময় পথে জ্বলা-কলা খোৱাইছে পথচাৰী………

নলবাৰী চহৰৰ মাজ-মজিয়াত জহি-খহি যোৱা এটি বোকাময় পথ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ  ।


নলবাৰী চহৰৰ মাজমজিয়াত এটি বিশেষ পথ  । পথটোৰ বিশেষত্ব হল ১২ টা মাহত বোকা-পানীৰে পৰিপূৰ্ণ  । এজাক বৰষুণ পৰিলে বৃহৎ ডাঙৰ ডাঙৰ পুখুৰী সদৃশ পৰিবেশ হয় উক্ত পথচোৱাত । নলবাৰী চহৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ কাষেৰে নলবাৰী সোণপুৰ হৈ ৰেল ষ্টেচনলৈ যোৱা পথচোৱা বিগত বহু বছৰ বছৰ ধৰি পুতৌলগা অৱস্থাত দেখিবলৈ পোৱা গৈছে  ।

এই গুৰুত্বপূৰ্ণ পথটোত হিচাপ নোহোৱা পুখুৰী সদৃশ গাত আৰু বোকা  । নিতৌ যাতায়ত কৰা শ শ পথচাৰী এই পুতৌলগা পথচোৱাৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হয় ।

তাত স্বত্তেও আজি পৰ্যন্ত এই পথচোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । যাৰ বাবে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে উক্ত পথচোৱাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত পৰিলক্ষিত হয় ।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মনে অতি সোনকালে এই পুতৌ লগা পথচোৱা অতি সোণকালে মেৰামতি কৰি ৰাইজক সকাহ প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ।

Related Articles