Breaking

৩০ এপ্ৰিল – ১ মে’ত বগীনদীত মিচিং জাতীয় সংগঠন এম এম কেৰ কেন্দ্ৰীয় অধিৱেশন,তুংগত উঠিছে প্ৰস্তুতি

0 1,149

গোগামুখ, ২২ এপ্ৰিলঃ মিচিং সমাজৰ অন্যতম মিচিং জাতীয় সংগঠন মিচিং মিমাগ কৗবাং চমুকৈ এম এম কেৰ ৮ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন লখিমপুৰ জিলাৰ বগীনদীত অনুষ্ঠিত হ’ব৷বগীনদীৰ ছৗঃদি-মৗঃল’ লত্তাত ৩০ এপ্ৰিল আৰু ১ মে’ত অনুষ্ঠিত হ’বলগা অধিৱেশনখনৰ বাবে অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি গোপাল চন্দ্ৰ দলে, কাৰ্যকৰী সভাপতি দেৱৰঞ্জন মৰাং আৰু সম্পাদক অনিল পায়েঙে জনোৱা মতে এম এম কেৰ কেন্দ্ৰীয় অধিৱেশনত সমগ্ৰ অসমৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকিব ৷ ইতিমধ্যে ছৗঃদি-মৗঃল’ লত্তা আটকধুনীয়াকৈ সজাই তোলা হৈছে আৰু অতিথি আপ্যায়ন আৰু প্ৰতিনিধি সকলৰ থকা-খোৱাৰ ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷কাৰ্যসূচী অনুযায়ী অধিবেশনৰ প্ৰথম দিনা চাফাই অভিযান, প্ৰতিনিধি শিবিৰ মুকলি, মূল আদৰণি তোৰণ উন্মোচন, সমবেত গীত পৰিৱেশন, প্ৰতিনিধি সভা, কৰ্মশালা, অন্তৰংগ আলাপ আৰু এম এম কেৰ জিলা সমিতি সমূহৰ সাংগঠনিক প্ৰতিবেদন দাখিল কাৰ্যসূচী অনুষ্ঠিত হ’ব৷

দিত্বীয় দিনা গছপুলি ৰোপন, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, কৰ্মশালা, প্ৰতিনিধি সভা, নতুন সমিতি গঠন আদি কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত নিশালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল কুমাৰ পেগু আৰু সম্পাদক বিজু কুমাৰ পেগুৱে অধিৱেশনত সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

Leave A Reply

Your email address will not be published.