Breaking

লক্ষীপুৰ টাউন হাই স্কুলত কৃত্ৰিম বানপানী।বিনষ্ট শৈক্ষিক পৰিবেশ,বন্ধ মধ্যাহ্ন ভোজন

0 1,166

অসম চৰকাৰে শৈক্ষিক দিশত বাৰে বাৰে উন্নয়নৰ ঢাকঢোল বজাই আছে যদিও প্ৰকৃততে লক্ষীপুৰ টাউন হাই স্কুলেই উন্নয়নৰ স্বৰূপ উদঙাই দিছে। লক্ষীপুৰ টাউন হাই স্কুল খন লক্ষীপুৰ নগৰৰ সোমাজত অৱস্থিত । বিদ্যালয়ৰ চৌহদত আছে পুখুৰী সদৃশ বিশাল খাল। বিদ্যালয়ৰ খাল খনৰ পৰা পানী ওলাই যোৱা সকলো নলা বন্ধ হৈ পৰাত এজাক বৰষুণ হলেই ডুব যায় বিদ্যালয়। যোৱা নিশা হোৱা বৰষুণত বিদ্যালয়ৰ ৰান্ধনিশালো কৃত্ৰিম বান পানীত ডুব যায়। ফলত বন্ধ হৈ পৰিছে মধ্যাহ্ন ভোজন। বিদ্যালয় চৌহদ কৃত্ৰিম বান পানীৰে ভৰি পৰাত বিনষ্ট হৈছে শৈক্ষিক পৰিবেশ। বছৰৰ ছয় মাহেই বিদ্যালয় চৌহদত পানী জমা হৈ থাকে। ফলত নহয় পূৱাৰ প্ৰাৰ্থনা, ব্যায়াম, খেলধেমালী, সভা সমিতি আদি। ছাত্ৰ ছাত্ৰীয়ে পিন্ধা সাজ পোচাক তিতি শ্ৰেণী কোঠাত সোমাব লগা হৈছে। বিদ্যালয় চৌহদত বিগত ১৬/ ১৭ বছৰৰ পৰা পৰাই পানী জমা হৈ থকাত বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিঘ্নিত হৈ আছে যদিও জিলা প্ৰশাসন, স্থানীয় বিধায়ক অথবা চৰকাৰে মুঠেই গুৰুত্ব প্ৰদান কৰা নাই ।

বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল বাতেন আহমেদে আজি জনোৱা মতে বিদ্যালয় চৌহদৰ দ খাৱৈ পূৰোৱাৰ বাবে বহু বছৰৰ পৰাই জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক আবেদন নিবেদন কৰি আহিছে যদিও কোনো ফল দিয়া নাই। ফলত বিনষ্ট হৈছে শৈক্ষিক পৰিবেশ। আজি বিদ্যালয়ৰ শিক্ষক গোট আৰু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় চৌহদৰ পৰা বৰষুণৰ পানী উলিয়াই ব্যাৱস্থা কৰি দিয়াৰ দাবী জনোৱাৰ লগতে মাটিৰে দ’ খাৱৈ পূৰাই দি বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ দাবী জনায়।

Leave A Reply

Your email address will not be published.