Breaking

বৰগাঙত ‘বহাগী বৰণ’ অনুষ্ঠানত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…..

0 94

বিশ্বনাথ জিলাখনত এক বিশেষ সমাদৰ থকা বিহালী অঞ্চলৰ কাব্যজগতৰ অন্যতম অনুষ্ঠান বৰগাঙৰ সেউজ বন্যা কাব্য গোষ্ঠীয়ে চলিত বছৰৰ পৰা “বহাগী বৰণ শীৰ্ষক এক ওলগনি কাৰ্য সূৰ্চী গ্ৰহণ কৰিছে । সেই অনুযায়ী সাহিত্য ,সংস্কৃতি তথা সামাজিকভাৱে জড়িত থকা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি কাব্য গোষ্ঠীৰ উপদেষ্টা মোহন চন্দ্ৰ শইকীয়া , দোলন চন্দ্ৰ শইকীয়া , বৈশাকু ৰয় , প্ৰেমলাল গঞ্জু , উপেন দাস , অমিতাভ বৰুৱা , সেউজ বন্যা কাব্য গোষ্ঠীৰ প্ৰতিষ্ঠাতা সভানেত্রী মাফিদা খাতুন আৰু উপ-সভানেত্রী কুঞ্জ হাজৰিকা ।

বৰগাং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত্ব হোৱা সভাখনত সভাপতিত্ব কৰে থ‍ানেশ্বৰী কুৰ্মী গঞ্জুৱে , সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদিকা অৰ্পনা শইকীয়া দাসে , আৰু সভাখনৰ আঁত ধৰে আন গৰাকী সম্পাদিকা ৰূপালী দাসে ।লগতে সভাখনত উপস্থিত্ব থাকে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বণিয়া আৰু বিশ্বনাথৰ যুৱ সাংবাদিক পলাশ প্ৰিয়ম ।

Leave A Reply

Your email address will not be published.