২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী……

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত অসম ভ্ৰমণৰ কাৰ্যসূচীৰ অংশৰূপে অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকিভাৱে গোলাঘাটত নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগৰ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিব ।

এই উপলক্ষে সেইদিনা গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত বগৰিজেং পুলিচ প্লে-গ্ৰাউণ্ডত আয়োজন কৰা অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে প্ৰস্তুতিৰ সবিশেষ বুজ লৈ কয় যে ২৮ এপ্ৰিলৰ দিনটো সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ বাবেও এটা বিশেষ দিন । কিয়নো আন কেইবাখনো জিলাৰ লগতে গোলাঘাট জিলাতো সেইদিনা ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ কৰি এখন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ব ।

বৈঠকত ভাগ লৈ জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰতিটো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অর্পা বাগলাৰী, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুতা পল্লৱী গগৈ, শ্ৰী কুলদীপ হাজৰিকা, ডঃ সংগীতা বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অঞ্জন পণ্ডিত, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰ নাথ তামূলী আৰু ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ।

Related Articles