টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত মুদৈজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৱা নলা বন্ধ হৈ পৰাত বৃহত্তৰ মুদৈজান অঞ্চলৰ প্ৰায় ১০ খনত কৈ অধিক গাঁও কৃত্ৰিম বান পানীৰ কৱলত পৰাৰ আশংকা কৰি স্থানীয় লোক সকলে বন্ধ নলাটো খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ টীয়ক ৰাজহ চক্ৰৰ বিষয়াক আবেদন জনাইছে ।কেইবা গৰাকী স্থানীয় গাঁও প্ৰধান , পঞ্চায়তৰ সভাপতি , সদস্য কে ধৰি অঞ্চলটোৰ সচেতন ব্যক্তিৰ স্বাক্ষৰিত সেই আবেদনত উল্লেখ কৰা অনুসৰি মুদৈজানৰ ইছাৰ তেল ডিপুৰ মাজেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা কালভাটৰ্টো বৃহত্তৰ অঞ্চলটোৰ পানী ওলাই যোৱাৰ একমাত্ৰ পথ ।
কেইৱাদৰ্শকো ধৰি বাৰিষা অঞ্চলটোৰ দক্ষিণ দিশৰ আৱদ্ধ পানী ওলাই যোৱাৰ বাবে ৰাইজে সকাহ পাই আহিছে । বাৰিষা মুদৈজান নদীৰ বাঢ়নি আৰু বৰষুণৰ পানী বাইলুং গাঁও,চাওদাং গাঁও ,দুৱৰা গাঁও ,পুৰনি গজপুৰীয়া,নতুন গজপুৰীয়া,নেপাম গোহাঁই গাঁও,নতুন চাপৰি গাঁও, বাদুলী পুখুৰী মাজ গাঁও ,মুদৈজান ভৰলুুৱা ,২ নং মুদৈজান ভৰলুৱা গাঁও,আদি ৰাজহ চক্ৰৰ লগতে আখৈদিচা আৰু দময়ন্তি চাহ বাগিছাৰ মাজেদি বাগৰি আহি এই কালভাৰ্তটোৱে ওলাই যায় ।
কিন্তু কালভাৰ্তটোৰ সন্মুখত উত্তৰ দিশে ওখকৈ মাটি পেলাই দিয়াৰ ফলত বন্ধ হৈ যায় ।ফলত আগন্তুক বাৰিষাত যে মুদৈজান নদীৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব দক্ষিণ পাৰৰ দহখনতকৈ অধিক গাঁও । তদুপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিও ভাবুকি সৃষ্টি কৰিব ।