বঙাইগাঁও জিলাত ফ’ৰলেনযুক্ত পথ নির্মাণৰ ক্ষেত্ৰত এটাৰ পিছত এটাকৈ অনিয়মৰ তথ্য উন্মােচিত হৈছে । উল্লেখ্য যে হাপাচাৰাৰ পৰা যােগীঘােপাৰ মাল্টি মডেল লজিষ্টিক হাবলৈ নির্মীয়মাণ ফ’ৰলেন যুক্ত পথটোৰ টুলুঙীয়া-যােগীঘােপা অংশ নিৰ্মাণৰ দায়িত্ব লাভ কৰে আৰ পি চি আৰু আৰ এছ বি আই নামৰ দুটা নির্মাণকাৰী সংস্থাই । সংস্থা দুটাই পথ নিৰ্মাণৰ বাবে প্রয়ােজনীয় শিলৰ বাবে নির্মীয়মাণ পথৰ কাষত উত্তৰ শালমাৰা পঞ্চায়তৰ চৌটাকীত দুটাকৈ ক্ৰেচাৰ মেচিন বহুৱায়। ইফালে, ক্ৰেচাৰ মেচিন স্থাপনৰ বাবে সংশ্লিষ্ট পঞ্চায়তৰ অনুমতি তথা আপত্তিবিহীন প্রমাণ-পত্র বাঞ্ছনীয়। ইয়াৰ ভিত্তিতে বন বিভাগে ক্ৰেচাৰ চলােৱাৰ বাবে পঞ্জীয়ন তথা অনুজ্ঞাপত্র দিয়ে। অভিযােগ মতে, ডেৰ বছৰ পূর্বে স্থাপন কৰা ক্ৰেচাৰ মেচিন দুটাৰ বাবে পঞ্চায়তৰ ফালৰ পৰা এন অ’ চি দিয়া হােৱা নাছিল।
পিছত বিগত বৰ্ষত এন অ’ চি প্রদান কৰে যদিও এইক্ষেত্ৰত পঞ্চায়ত সভানেত্ৰীয়ে এন অ’ চি সন্দৰ্ভত অজ্ঞতা প্রকাশ কৰাত ৰহস্যৰ সৃষ্টি হৈছে। পঞ্চায়ত সভানেত্রীয়ে সাংবাদিকৰ আগত অভিযােগ কৰা মতে, নির্মাণকাৰী সংস্থাৰ ফালৰ পৰা বহুবাৰ এন অ’ চি দিয়াৰ বাবে সভানেত্রীক লগ ধৰিছিল যদিও প্রতি বাৰেই জনস্বাস্থ্য তথা পাৰিপাৰ্শ্বিকতাৰ প্রতি লক্ষ্য ৰাখি এন অচি দিয়াৰ পৰা বিৰত থাকে। এনে কোনাে নথিতে স্বাক্ষৰ নকৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে। তৎসত্ত্বেও এন অ’ চি লাভ কৰা বুলি জানিব পাৰি আশ্চর্যবােধ কৰে। বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলে এন অ’ চি নােহােৱাকৈ ক্ৰেচাৰ মেচিন চলাবলৈ কিয় অনুমতি দিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। এইক্ষেত্ৰত বন বিভাগৰ সৈতে গােপন বুজাবুজি আছে নেকি বুলিও সন্দেহৰ প্রশ্ন উত্থাপন কৰিছে।