নগাঁও সদৰ সমষ্টিৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ) অধীনৰ ২০২১-২২ বৰ্ষৰ অনুসুচিত জাতি আৰু জনজাতিৰ হিতাধিকাৰী সকলক আজি গৃহ আবন্টনৰ পত্ৰ প্ৰদান কৰা হয়।দেওধৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গৃহ আবন্টন পত্ৰ প্ৰদানৰ কাৰ্যসূচীত হিতাধিকাৰী সকলক গৃহ আবন্টন পত্ৰ প্ৰদান কৰি আজিৰ গৃহ আবন্টন পত্ৰ প্ৰদান কৰে বিধায়ক ৰূপক শৰ্মাই।গৃহ আবন্টন পত্ৰ বিতৰণৰ কাৰ্যসূচীত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ শৰ্মা, কাৰ্যবাহী অভিযন্তা প্ৰণৱ নাথ,পাখিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিনেশ পেগু, পাখিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰিয়াজুল হ’ক প্ৰমুখ্যে বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধি সকল,দলীয় কাৰ্যকতা, হিতাধিকাৰী সকল আৰু স্থানীয় উপস্থিত থাকে।গৃহ আবন্টন পত্ৰ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই কয় যছ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰ্থিক ভাবে দুৰ্বল শ্ৰেণীৰ লোক সকলৰ বাবে “প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনি”খন ৰূপায়ণ কৰিছে।আশাকৰো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই আঁচনিৰ জৰিয়তে পাখিমৰীয়া গাঁও পঞ্চায়তৰ হিতাধিকাৰী সকল যথেষ্ঠ উপকৃত হব পাৰিব।
লগতে বিধায়ক গৰাকীয়ে কয় যে প্ৰত্যেকৰে এখন নিজাকৈ ঘৰ নিৰ্মান কৰা সপোন থাকে যদিও বহুতৰে আৰ্থিক অসুবিধাৰ এই সপোন পূৰণ হোৱাত ব্যৰ্থ হয়।তেনে লোকসকলৰ সপোন পূৰণ কৰা উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰ্থিক ভাবে দুৰ্বল শ্ৰেণীৰ লোক সকলৰ বাবে “প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনি”খন ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীৰ এই আঁচনিৰ জৰিয়তে ইতিমধ্যে গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰো আৰ্থিক ভাবে পিছপৰা লোক সকল উপকৃত হৈছে।ইয়াৰোপৰি বিধায়ক ৰূপক শৰ্মাই আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দেওধৰ গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত মৌখাতি লোকনিৰ্মান বিভাগৰ পথৰ পৰা ৰাকেশ বৰাৰ ঘৰ পৰ্যন্ত নিৰ্মান হবলগীয়া চি চি ব্লকৰ পথটোৰ আজি শুভ উদ্ধোধন কৰে ।পথটোৰ শুভ উদ্ধোধনী কাৰ্যসূচীত দেওধৰ গাঁও পঞ্চায়তৰ সভাপতি মৃদুল ফুকনৰ লগতে পঞ্চায়তৰ বিভিন্ন বিষয় ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।লগতে বিধায়ক গৰাকীয়ে আজি ৰণথলি ৰজাভেটি সমাজ সেৱা পুথিভঁৰালৰ সৌজন্যত ৰণথলিত অনুষ্ঠিত হোৱা ৪৬সংখ্যক ৰঙালী বিহুৰ অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে নিৰ্মান হোৱা বিহুতলীৰ মঞ্চ ৰাইজৰ বাবে মুকলি কৰে।