বাক্সাত বহুমুখীৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ,তিনি মাহে চৰকাৰী চাউলৰ পৰা বঞ্চিত শতাধিক দৰিদ্ৰ পৰিয়াল

বাক্সাত মুখ্যমন্ত্ৰীৰ অন্ন সুৰক্ষা যোঁজনাৰ চাউল বিতৰণত অনিয়ম ৷চাউল লাভৰ পৰা বঞ্চিত হিতাধিকাৰী ৷বহুমুখীৰ এজেন্টৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ৷পৰিবহন খৰচৰ নামত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ৷ বিগত তিনিমাহে লাভ কৰা নাই অন্ন সুৰক্ষাৰ চাউল ৷ বাক্সা জিলাৰ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাঁওত সংঘটিত হৈছে এই ঘটনা ৷ গাঁওখনৰ বহুমুখীৰ এজেন্ট ৰবেন দাসৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ ৷ উল্লেখ্য যে বিগত তিনিমাহে এজেন্ট ৰবেন দাসে গাঁওখনৰ হিতাধিকাৰীসকলক প্ৰদান কৰা নাই অন্ন সুৰক্ষা আঁচনিৰ চাউল ৷হিতাধিকাৰীসকলে চাউলৰ বিষয়ে সুধিলে এইবাৰ অহা নাই বুলি কৈয়ে দায় সাৰে ৷আনকি ইয়াৰ পূৰ্ৱে পৰিবহন খৰচৰ নামত এজেন্ট ৰবেন দাসে প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰিতে ত্ৰিশ টকা সংগ্ৰহ কৰিছিল ৷

আজি গাঁও খনৰ ৰাইজ ওলাই আহি ৰবেন দাসৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷তেওঁলোকে অভিযোগ কৰা অনুসৰি বিগত তিনিমাহে এজেন্ট ৰবেন দাসে হিতাধিকাৰীসকলক চাউল দিয়া নাই ৷যাৰবাবে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকল সমস্যাৰ সম্মুখীন হৈ আহিছে ৷ৰাইজে শীঘ্ৰে অন্ন সুৰক্ষা আঁচনিৰ চাউল দিবলৈ ৰবেন দাসক দাবী জনাইছে ৷

Related Articles