নগৰবেৰাৰ বদলাত অঘটন ,কম উচ্চতাত থকা বিদ্যুত পৰিবাহী তাঁৰত লাগিল মৰাপাট কঢ়িওৱা ট্ৰেক্টৰ।নিমিষতে দাউদাউকৈ জ্বলি উঠিল ট্ৰেক্টৰ ভৰ্তি মৰাপাত।হুৱাদুৱা লাগিল অঞ্চলজুৰি ,ধোঁৱা ধূসৰ হৈ পৰিল ঘটনাস্থলী।কৃষকৰ খেতিৰ শুকান মৰাপাট বেপাৰীয়ে কিনি কঢ়িয়াব খোজোতেই এই অঘটন।অৱশেষত যুদ্ধকালীন ক্ষীপ্ৰতাৰে সকলোৱে মিলি কোনোমতে নিৰ্বাপন কৰে জুঁইকুৰানিশ্চিত দাহনৰ পৰা ৰক্ষা পৰিল ট্ৰেক্টৰ আৰু কথমপি ভয়াবহ বিপদৰ পৰা হাত সাৰিল চালকজন।
বকো উপসংমণ্ডলীয় বিদ্যুত কাৰ্যালয়ৰ লেছীয়ে উচ্চ ক্ষমতাসম্পন্ন এই বিপদসংকুল তাঁৰবোৰ টানি ওপৰলৈ নিদিয়াৰ বাবেই এই অঘটন সংঘটিত হোৱাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ।শীঘ্ৰে এই মৰণফান্দ তাঁৰবোৰ নিৰাপদ উচ্চতালৈ তোলাৰ দাবী ৰাইজৰ।