দুমুনিচকী-দিপিলা পথত এজাক বৰষুতে দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে

দৰং জিলাৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়াৰ চুড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনিচকী-দিপিলা পথটি এজাক বৰষুণতে জীয়াতু ভুগিছে পথটিৰে অহা-যোৱা কৰা ৰাইজে।অভিযোগ অনুসৰি উক্ত পথচোৱাৰ দুমুনিচকীৰ পৰাদিপিলালৈ যোৱা পথটিত ঠায়ে ঠায়ে কেইবাটও অংশত পানী জমা হোৱা দেখা গৈছে। কেইবা মাহ ধৰি যমৰ যাতনা ভুগিব লগীয়া হৈছে যান-বাহনৰ লগতে পথচাৰী সকলে।কেইবাটাও অংশত এজাক বৰষুণ দিলেই পানী জমা হৈ পৰে এই পথটোত।উল্লেখযোগ্য যে , খাছ সোণাপুৰ , লাউজন , ছেঙেলিয়াজাৰ আদি অঞ্চলৰ ৰাইজে জিলাৰ সদৰ মঙলদৈ তথা বাইহাটা চাৰিআলিলৈ এই পথেৰেই নিতৌ অহাযোৱা কৰে।প্ৰণিধানযোগ্য যে পথটোৰে গধুৰ যান-বাহন দৈনিক অহা-যোৱা কৰাৰ ফলত সততে পথটো জৰাজীৰ্ণ হৈ পৰে বুলি দাবী কৰিছে সচেতন মহলে।

ইফালে উক্ত পথচোৱাৰ দুমুনিচকী অঞ্চলত নলাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাই আহিছিল যদিও আজিলৈ লোকনিৰ্মাণ বিভাগে গুৰত্ব প্ৰদান নকৰিলে।এই ক্ষেত্ৰত ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে লোক নিৰ্মাণ বিভাগৰ দৃষ্টি গোচৰ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে।

Related Articles