এমহীয়া ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ-ঈদ-উল-ফিটৰ

এমহীয়া ৰোজাৰ অন্তত এনেদৰেই সকলো ওলাই আহিছে ঈদৰ নামাজ আদায় কৰিবলৈ । নগাঁৱৰ জাজৰীত পবিত্ৰ ঈদ উল ফিটৰৰ নামাজত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।আটক ধুনীয়াকৈ সজাই পৰাই তোলা জাজৰি আঞ্চলিক ঈদগাহ ময়দানত পুৱাৰে পৰা কেইবাসহ্ৰাধিক লোকৰ ভীৰ দেখিবলৈ পোৱা গৈছে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবলৈ । বিগত দুটা বৰ্ষত কভিড সৃষ্ট পৰিবেশৰ বাবে সমূহীয়া নামাজৰ পৰা বিৰত আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকল।সমূহীয়া নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে সকলোৱে।

ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ জোনাইত।কাল কৰোণাৰ দুটা বছৰ বিভীষিকাই দেশত সংহাৰ চলোৱাৰ পিছত এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিব পোৱা গল উখল মাখল এক পৰিৱেশ।আজি পুৱাৰ পৰাই জনমানসৰ ভিৰ দেখিব পোৱা গল জোনাইৰ ঈদগাহ সমূহত।জোনাই মহকুমাটোৰ বিভিন্ন জামে ঈদগাহত প্ৰায় পোন্ধৰ শ ইছলাম ধৰ্মৱালী লোকে এইবাৰ একেলগে নামাজ পঢ়িলে। আনফালে অধিকাংশ লোকেই ইজনে আনজনক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে পুৱাই নতুন কাপোৰ পিন্ধি শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

Related Articles