Breaking

৭-৮ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱশিল্পী তৰাৱতী বড়িলৈ অই আপ্পুন গণেশ পেগু বঁটা

0 1,288

সদৌ অসম ছাত্ৰ সন্হাৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত ৭ আৰু ৮ মে’ত ৩৬ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ অনুষ্ঠিত হ’ব ৷ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ সফলৰূপে উদ্‌যাপন কৰিবলৈ ইতিমধ্যে শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে৷ এইমতে জিতু বৰাক সভাপতি, প্ৰবীন চেতিয়াক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ কোঁছক সম্পাদক, মৃদুল হাজৰিকা, অনিৰ্বাণ শইকীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰাৰ লগতে কুৰিৰো অধিক উপসমিতি গঠন কৰা হৈছে ৷ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত মুকলি বিহু প্ৰতিযোগিতা, বৰ বিহুৱতী, সৰু বিহুৱতী, টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে পৰম্পৰাগত ৰছী টনা প্ৰতিযোগিতা, বিহুৱান, কণী যুঁজ, টেকেলি ভঙা, পিঠা-পনা বনোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ কাৰ্যসূচীত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত হ’ব ৷ব’হাগী বিদায় উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল’ব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু অভিনেতা নিশিতা গোস্বামীয়ে৷উক্ত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ শ্ৰেষ্ঠ সাংস্কৃতিক দলসমূহকো পুৰস্কৃত কৰা হ’ব বুলি ব’হাগী বিদায় উৎসৱ উদ্‌যাপন সমিতিয়ে জানিবলৈ দিছে ৷ ইপিনে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱ উপলক্ষে প্ৰতিবছৰে প্ৰদান কৰি অহা বিশিষ্ট শিল্পী, সাহিত্যিক প্ৰয়াত অই আপ্পুন শিল্পী গণেশ পেগু বঁটা এইবাৰ কুকিল কণ্ঠি গায়িকা, নিঃতম দক্‌ছিৰি শিল্পী তৰাৱতী মিলি বড়িক প্ৰদান কৰা হ’ব ৷

তৰাৱতী মিলি বড়ি হৈছে লোকসংগীতৰ সাধক ৷ বিশেষকৈ মিচিং লোকসংগীতৰ স্বকীয়তা নিজ কণ্ঠৰে পৰিৱেশন কৰি প্ৰচাৰ আৰু বৰ্ণময় কৰি তোলাৰ ক্ষেত্ৰত শিল্পী তৰাৱতী মিলি বড়িৰ অৱদান অপৰিসীম ৷ ১৯৫৯ চনত দিচাংমুখত জন্মগ্ৰহণ কৰা শিল্পী বড়ি সৰুৰে পৰাই সংগীতৰ লগত জৰিত আছিল আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল ৷ তেওঁ ১৯৮৬ চনৰ পৰা আনুষ্ঠানিকভাৱে সাংস্কৃতিক জগতলৈ যাত্ৰা আৰম্ভ কৰে মিচিং-মিপাক নামৰ অডিঅ’ এলবামৰ জৰিয়তে ৷ তাৰ পিছৰ সময়ছোৱাত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে সুদীৰ্ঘ দিন মিচিং গীত পৰিৱেশন কৰি থকাৰ লগতে বহুকেইখন অডিঅ’ এলবামত গীত পৰিৱেশন কৰি জনসাধাৰণৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ প্ৰায় তিনি দশক ধৰি শিল্পী বড়িয়ে অই নিঃতমৰ অপ্ৰতিদ্বন্দ্ব্বী শিল্পী হিচাপে মিচিং সমাজত জিলিকি আছিল ৷ শিল্পী বড়িয়ে মিচিং সমাজৰ লগতে বৃহত্তৰ অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৫-১৮ চনত দুবাৰকৈ ৰেকিবুদ্দিন আহমেদ বঁটা, ২০১৯ চনত প্ৰাগ প্ৰেৰণা বঁটা, ২০২১ চনত মিচিং দৃৰবৃ কৗবাং (মিচিং সাংস্কৃতিক সংঘ) নিঃতম দক্‌ছিৰি উপাধি প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি সন্মান জনায় ৷ শিল্পী বড়ি বৰ্তমানো সংগীত সাধনতা বৰ্ত্তি হৈ থকাৰ লগতে হাজাৰ হাজাৰ শ্ৰোতাৰ মন জয় কৰি আছে ৷ গোগামুুখ আঞ্চলিক ছাত্ৰ সন্হাই উপযুক্তভাৱেই শিল্পী বড়িক অই আপ্পুন শিল্পী বঁটা প্ৰদান কৰিছে ৷ ছাত্ৰ সন্হাই প্ৰদান কৰা বঁটাত আছে নগদ ৩০ হাজাৰ টকা, এখন শৰাই, ফুলাম গামোচা, জাপি, মানপত্ৰ, ৰিঃবি গাছেং আদি ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি বিপুল বৰুৱা আৰু সম্পাদক ৰাহুল দেউৰীয়ে কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱত সকলো ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

Leave A Reply

Your email address will not be published.