পথাৰ সদৃহ ৰাস্তা মেৰামতি কৰিবলৈ হাতে- হাতে কোৰ পাচি লৈ ওলাই আহিল পুৰুষ- মহিলা….

চৰকাৰে যিমানে গাঁৱৰ উন্নয়নৰ কথা নকৱক কিয় বাস্তৱত কিন্তু দেখা গৈছে তাৰ ওলোটা ছবি।স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাওঁ।পথৰ দুৰৱস্থাই জলা কলা খোৱাইছে ১নং জৰাগুৰি গাঁৱৰ লগতে বালিদোৱা, ওভোটা গাঁৱৰ ৰাইজক।খুমটাই বিধান সভা সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১নং জৰাগুৰি ৰঙামাটি পথৰ পৰা বালিদোৱা, ওভোতা  হৈ কমলামিৰী সংযোগী পথটোত এতিয়া ৰাইজে খেতি কৰিব পৰা অৱস্থালৈ পৰিগণিত হৈছে।

ৰাস্তা নে পথাৰ ধৰিবই নোৱাৰি যাৰ ফলশ্ৰুতিত জনপ্ৰতিনিধিৰ উপৰত ক্ষোভ উজৰিলে স্থানীয় ৰাইজে।

অনবৰতে কেমেৰাৰ সন্মুখত উন্নয়নৰ কথা কোৱা শাসকীয় দলৰ চৰকাৰ পঞ্চায়তৰ কাৰ্য কৰ্তাৰ লগতে বিধায়কেও দেখিও নেদেখাৰ ভাও জুৰিছে বুলি স্থানীয় ৰাইজে সাংবাদিকক জানিবলৈ দিয়ে। 

লগতে এই পথটি পকীকৰন কৰিবৰ বাবে স্থানীয় পঞ্চায়ত প্ৰতিনিধি ,খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া  ,অভিৱাবক মন্ত্ৰী কেশব মহন্ত আৰু লোক নিৰ্মান বিভাগৰ বিষয়াক বাৰম্বাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত আজি স্থানীয় ৰাইজে ক্ষোভিত হৈ গাঠিৰ ধন ভাঙি জেচিবি, ট্ৰেক্তৰেৰে মাটি পেলাই নিজা শ্ৰমদান কৰিব লগা হৈছে ।অতি শীঘ্ৰে পথটো পকীকৰন কৰিবৰ বাবে দাবী জনাইছে বিধায়ক মৃণাল শইকীয়াক। 

Related Articles