Breaking

গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনৰ মহানুভৱতা…

0 100

গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনৰ মহানুভৱতা। অঘৰী আইতাক বৃদ্ধাশ্ৰামত থোৱাৰ ব্যৱস্থা । ছয়দুৱাৰ খণ্ড উন্নয়ণ বিষয়া,আঞ্চলিক সভানেত্ৰীৰ সহযোগিতা।



গহপুৰ মহকুমাৰ মহকুমাধিপতি দীপন বৰ্মনে বিভিন্ন সময়ত মানুহে মানুহৰ বাবে কাম কৰি আহিছে। ড০ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটিৰ সাৰ্থকতা ৰূপায়ণ কৰিছে। যোৱা প্ৰায় ১০ টা বছৰে ঘাঁহিগাৱঁৰ ছয়দুৱাৰ উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ চৌহদত অঘৰী জীৱন যাপন কৰি আহিছিল।

বন্দনা নামৰ  আইতা গৰাকীৰ এনে অৱস্থাৰ কথা গহপুৰ এক্সপ্ৰেছ নামৰ এটি পেজত প্ৰকাশ পাইছিল। তাৰ পিছতেই গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনে ছয়দুৱাৰ উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰুন দাসৰ সৈতে আলোচনা কৰি মেডেকিল পৰীক্ষা কৰি অৱশেষত চতিয়াৰ এখন বৃদ্ধাশ্ৰমলৈ পঠিওৱাৰ ব্যৱস্থা কৰে।

আঞ্চলিক সদস্যা ইনুবৰাইও সহযোগিতা আগবঢ়ায় আইতা গৰাকীৰ ক্ষেত্ৰত।  আইতা গৰাকীক এক নতুন জীৱন দিয়া মহকুমাধিপতি দীপন বৰ্মনক ঘাঁহিগাৱ বাসী ৰাইজে শঁলাগ লোৱাৰ লগতে তেওঁৰ মানৱীয়তাক একেমুখে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.