Breaking

টেঙাখাটৰ এটা পথে জীয়াতু ভোগাইছে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক…..

0 70

দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ এটা পথে জীয়াটো ভোগাইছে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক । ভুক্তভোগী ৰাইজৰ পথ মেৰামতিৰ কৰাই দিবলৈ আহ্বান বিধায়ক তেৰচ গোৱালাক ।

পথটোৰ নাম টেঙাখাট বৰপুলৰ পৰা গন্ধিয়া চাৰিআলি (কাচগাওঁ) সংযোগী পথ । গন্ধিয়া ভাজনী গাওঁ পঞ্চায়তৰ জন প্ৰতিনিধি সকলৰ সু,দৃষ্টি নপৰা এই পথটোক লৈ এতিয়া যমৰ যাতনা ভুগিব লগাত পৰিছে কেইবাখনো গাঁৱৰ কৃষিজীৱী ৰাইজৰ লগতে বিদ্যালয় মহাবিদ্যালয় সমূহলৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলে।

ইফালেদি ২০০৯ চনত উক্ত পথটো এটা পথ নির্মাণকাৰী প্ৰতিষ্ঠানে নিৰ্মান কৰিছিল যদিও পথটোৰ পুনৰ মেৰামতিৰ ম্যাদ অন্ত পৰাত বৰ্তমানৰ চৰকাৰ তথা জন প্ৰতিনিধি সকলে মেৰামতি কৰি নিদিয়াত ৰাইজ বিমোৰত পৰিছে ।
এইক্ষেত্ৰত স্থানীয় ৰাইজে বৰ্তমানৰ দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালাক বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাইজ তথা ছাত্ৰ -ছাত্ৰীসকল উপকৃত হোৱাকৈ পথটো নিৰ্মান কৰি দিবৰ বাবে আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.