Breaking

পশ্চিম নলবাৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( গ্ৰামীন ) ৰ কৰ্মশালা সম্পন্ন

0 95

” চৰকাৰী আঁচনি ৰূপায়নত নচলিব অনিয়ম ৷ পি এম এ ওৱাইৰ হিতাধিকাৰীৰ পৰা উৎকোচ বিচাৰিলেই জনপ্ৰতিনিধি তথা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহন কৰা হ’ব পদক্ষেপ ৷ ” এই মন্তব্য নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনৰ ৷

আজি পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত  প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীন ) ৰ এখন কৰ্মশালাত ভাগ লৈ জল জীৱন আঁচনিত অনিয়ম সংঘটিত কৰা ঠিকাদৰকো ধমক দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ অনিয়ম সংঘটিত কৰিলেই জিলা উপায়ুক্তক পোনে -পোনে অভিযোগ দাখিল কৰিবলৈও আহ্বান জনাই ৷ অভিযোগ সত্য প্ৰমানিত হ’লে তেনেকুৱা নিৰ্মানকাৰী সংস্থাৰ বিৰদ্ধে তাৎক্ষনিক পদক্ষেপ গ্ৰহন কৰা হ’ব বুলিও মন্তব্য কৰে উপায়ুক্ত ফুকনে ৷

আনহাতে বিদ্যালয়ত সধিক মতে পাঠদান নকৰা প্ৰধান শিক্ষকৰ ওপৰতো নাৰাজ উপায়ুক্ত গীতিমনি ফুকন ৷ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত তথা ২২ নম্বৰ দক্ষিন ক্ষেত্ৰী ধৰ্মপুৰ আৰু ২৩ নম্বৰ পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সহযোগত   শোলমাৰা বজাৰ সমিতিৰ ভৱনত অনুষ্ঠিত কৰ্মশালা খনত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন , নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুন গগৈ , পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়া শিখামনি বৰা , নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা গৌতম ভট্ট , পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ সহ : কাৰ্যবাহী অভিযন্তা ভগবান দাস , পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি অমৰ দাস , দক্ষিন ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি অৰ্পনা দাস , শোলমাৰা বজাৰ পৰিচালনা সমিতিৰ সভাপতি কন্দৰ্প বৰ্মনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

অনুষ্ঠানটোৰ আঁত ধৰে শোলমাৰা বজাৰ পৰিচালনা সমিতিৰ সম্পাদক দ্বিজেন দাসে ৷কৰ্মশালাখনত  প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টত পোৱা হিতাধিকাৰী সকলক গৃহ নিৰ্মান সম্পৰ্কে বিভিন্ন ধৰনৰ দিহা পৰামৰ্শ প্ৰদান কৰা হ’য় ৷

Leave A Reply

Your email address will not be published.