Breaking

চি আৰ পি এফৰ দ্বাৰা উত্তৰ গাৰো পাহাৰৰ দেপা হায়াৰ চেকেণ্ডাৰী স্কুলত যোগ শিক্ষা ..

0 122

বঙাইগাঁওস্থিত চি আৰ পি এফৰ উপ মহা নিৰীক্ষক জয়দেৱ কেশৰী তথা  ১৫২ বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱ শংকৰ মিশ্ৰৰ উপস্থিতিত ৪ মেত চি আৰ পি এফৰ  ই/১৫২ বেটেলিয়নৰ কোম্পানী কামাণ্ডাৰ ৰাকেশ পেটেলৰ দ্বাৰা উত্তৰ গাৰো পাহাৰৰ দেপা হায়াৰ চেকেণ্ডাৰী স্কুলত যোগ শিক্ষাৰ আয়োজন কৰা হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক টেনজিঙ আৰ চাংমাৰ লগতে শিক্ষক সকলে চি আৰ পি এফৰ বিষয়া সকলক আদৰণি জনায়। বিদ্যালয়খনত যোগ প্ৰশিক্ষণৰ সময়ত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। যোগ শিক্ষাৰ আৰম্ভণিতে চি আৰ পি এফৰ  উৰ্ধতন বিষয়া সকলে ছাত্ৰ-ছাত্ৰী সকলৰ উদ্দেশ্যি কয় যে যোগৰ ফলত মানুহৰ শৰীৰ আৰু মন মগজু ভালে থাকে । যোগ ব্যয়াম কৰিলে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি পায়।

যিকোনো বয়সৰ মানুহে যোগ ব্যয়াম কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ মস্তিষ্ক বিকাশৰ বাবে যোগ অতি প্ৰয়োজনীয়। ইয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বৃন্দৰ লগতে চি আৰ পি এফৰ বিষয়া সকলৰ সৈতে যোগ সম্পৰ্কে মত বিনিময় কৰা হয়। 

Leave A Reply

Your email address will not be published.