গাহৰিৰ হৃদযন্ত্ৰত সংৰোপন কৰা বিশ্বৰ প্ৰথমগৰাকী ব্যক্তিৰ মৃত্যু ৰহস্য উদ্ঘাটনত ব্যস্ত মাৰ্কিন বিজ্ঞানী

গাহৰিৰ পৰা সংগ্ৰহ কৰা হৃদযন্ত্ৰ সংৰোপণ কৰা প্ৰথম জন ব্যক্তিয়ে কি কাৰণত মৃত্যুক সাৱটি ল’লে তাকেলৈ এতিয়া গৱেষণা আৰম্ভ কৰিছে মাৰ্কিন বিজ্ঞানীসকলে।মাৰ্কিন বিজ্ঞানীৰ দল এটাই চলোৱা সমীক্ষাত প্ৰমাণ হৈছে যে গাহৰিৰ হৃদপিণ্ডটোত এক ধৰণৰ বিশেষ ভাইৰাছ পোৱা গৈছে। যি ভাইৰাছ বিধে মানুহ জনৰ মৃত্যু ঘটাইছিল বুলি সন্দেহ কৰা হৈছে।উল্লেখ্য মেৰিলেণ্ডৰ ৫৭ বছৰীয়া ডেভিদ বেনেট যোৱা মাৰ্চ মাহত মৃত্যু হৈছিল। তেওঁৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰা হৈছিল। বিশ্বৰ বিজ্ঞানীসকলক আশাবাদী কৰি তোলা ঘটনাটোকলৈ ব্যাপক চৰ্চা হৈছিল।গাহৰিৰ দৃদযন্ত্ৰ সংৰোপণৰ দুমাহ পিছলৈ তেওঁ জীয়াই আছিল।মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসকসকলে বৃহস্পতিবাৰে কয় যে তেওঁলোকে গাহৰিৰ হৃদযন্ত্ৰৰ ভিতৰত এটা অবাঞ্ছিত আশ্চৰ্যজনক – ভাইৰেল ডিএনএ পাইছে। তেওঁলোকে এই ভাইৰাছবিধক পৰ্চিন চাইটোমেগালোভাইৰাছ বুলি কৈছে।

এনে ভাইৰাছ ‘সুপ্ত’ অৱস্থাত থাকে বাবেই বিজ্ঞানীসকলে সংৰোপনৰ সময়ত ভাইৰাছ বিধৰ কথা এবাৰলৈও মনলৈ আনিব পৰা নাছিল।

Related Articles