চোৰৰ অভিনৱ কৌশল!বিৰিয়ানিৰ সৈতে গিলি থলে ১.৪৫ লাখ টকাৰ গহনা

চোৰে চুৰি কৰিবলৈ কিমান যে কি পদ্ধতি অৱলম্বন নকৰে! শেহতীয়াকৈ তামিলনাডুৰ চেন্নাইত এজন ব্যক্তিয়ে বিৰিয়ানীৰ সৈতে ১.৪৫ লাখ টকাৰ গহনা গিলি থয়।আৰক্ষীয়ে বৃহস্পতিবাৰে ৩২ বছৰীয়া চোৰ জনৰ পেটৰ পৰা১,৪৫ লাখ টকাৰ গহণা খিনি উদ্ধাৰ কৰে।
৩ মে’ত এজন বন্ধুৰ বাসগৃহত চোৰ জনে ঈদৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তেওঁৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। বন্ধুৰ ঘৰত গহণা দেখি চোৰে বিৰিয়ানিৰ সৈতে সেই গহণা গিলি থয়।গিলি থোৱা গহণাৰ ভিতৰত হীৰাৰ নেকলেছ, এডাল সোণৰ চেইন আদি আছে।
ঘটনাৰ বিষয়ে সন্দেহ কৰি চোৰ জনৰ বন্ধুৰ পত্নীয়ে আৰক্ষীৰ কাষ চাপিছিল ।

বীৰুগাম্বাক্কাম আৰক্ষী থানাৰ আৰক্ষীয়ে তদন্ত কৰি চোৰ জনৰ পেটত গহণা থকাৰ প্ৰমাণ পায়।জেৰাৰ পিছত চোৰ জনে তেওঁৰ অপৰাধ স্বীকাৰ কৰা কৰে।

Related Articles