Breaking

চাপৰত উপস্থিত হয় K.A.C.ৰ কাৰ্য্যবাহী সদস্য,মাতৃ দিৱস উপলক্ষে ৰাজ্যৰ সমূহ মাতৃক শুভেচ্ছা জ্ঞাপন কৰে।মাতৃক সন্মান জনাবলৈ বৰ্তমান যুৱ সমাজক অনুৰোধ জনায়

0 1,053

মাতৃক সন্মান জনাবলৈ বৰ্তমান যুব সমাজক অনুৰোধ জনায়।কোনো পিতৃ-মাতৃয়ে যাতে বৃদ্ধা আশ্ৰমত যাব লগা নহয় তাৰে আহ্বান জনায়।ধুবুৰী জিলাৰ চাপৰ খোৰিদাগোসাইগাওঁত উপস্থিত হয় কমতাপুৰ স্বায়ত্ত শাষিত পৰিষদৰ কাৰ্য্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়। মাতৃ দিবসৰ লগত সংগতি ৰাখি সদস্যগৰাকীয়ে ৰাজ্যৰ সমূহ মাতৃক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বৰ্তমান যুব সমাজক নিজৰ পিতৃ মাতৃক সন্মান জনাবলৈ অনুৰোধ কৰে।লগতে কয় যে নিজৰ পিতৃ-মাতৃ য়ে ভগবান স্বৰূপ গতিকে কোনো পিতৃ-মাতৃ য়ে যাতে বৃদ্ধা আশ্ৰমত থাকিবলগীয়ে নহয় তাৰ প্ৰতি লক্ষ্য দিবলৈ আহ্বান জনায়।


উল্লেখ্য যে যোৱা কেইমাহমান আগত খোৰিদাগোসাইগাওঁৰ এগৰাকী কনমানী ছোৱালীয়ে লম্পট যুবকৰ কামনাৰ বলী হবলগীয়া হৈছিল আৰু তাৰ পিছতে সদস্যগৰাকীয়ে সেই পৰিয়ালৰ আন এজন কনমানী লৰাৰ পঢ়া শুনাৰ দ্বায়িত্ত লৈছিল আৰু মাতৃ দিৱসৰ দিনাই ছাত্ৰ গৰাকীৰ পঢ়াৰ যাবতীয় সামগ্ৰী প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.