‘বলীউডে মোক বহন কৰিব নোৱাৰিব’, দক্ষিণৰ অভিনেতাৰ মন্তব্যকলৈ তুমুল প্ৰতিক্ৰিয়া

হিন্দীক ৰাষ্ট্ৰভাষা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ বহুতে চেষ্টা চলাই থকাৰ মাজতে আজি হিন্দী কেন্দ্ৰিক এক মন্তব্যকলৈ দক্ষিণৰ চুপাৰষ্টাৰ মহেশ বাবু চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে। শেহতীয়াকৈ অভিনেতা আদিৱী চেছৰ ‘মেজৰ’ ছবি খনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত জনপ্ৰিয় অভিনেতাগৰাকীয়ে কৰা এটা মন্তব্যক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে।অনুষ্ঠানটোত একাংশ সাংবাদিকে মহেশ বাবুক সুধিছিল যে তেওঁ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিব নেকি?বিখ্যাত তাৰকাগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল , ‘বলীউডে মোক বহন কৰিব নোৱাৰিব’। এই মন্তব্যৰ বাবেই এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেতাগৰাকী।


ইয়াৰ মাজতে অভিনেতাগৰাকীৰ ব্যক্তিগত সহায়কে প্ৰকাশ কৰা এক বিবৃতিটো কোৱা হৈছে যে তেওঁ যি কৈছিল সেয়া বিতৰ্কৰ সৃষ্টি কৰিবলৈ কোৱা নাছিল। “মহেশে স্পষ্ট কৰি দিছে যে তেওঁ চিনেমা ভাল পায় আৰু সকলো ভাষাকে সন্মান কৰে। তেওঁ কৈছিল যে তেওঁ য’ত কাম কৰি আছে সেই ভাষাৰেই ছবি কৰিবলৈ তেওঁ স্বাচ্ছন্দ্যবোধ কৰে’। উল্লেখ্য হিন্দী ভাষাকলৈ সৃষ্টি হৈ থকা বিতৰ্কৰ মাজতে অভিনেতাগৰাকীৰ এনে মন্তব্যই আনকি বলীউডকো জোকাৰি গৈছে। কিছুদিন পূৰ্বে অভিনেতা অজয় দেৱগনেও হিন্দী ভাষাৰ সমৰ্থনত কৰা টুইট আৰু কংগনা ৰাণাৱটৰ মন্তব্যই দেশত প্ৰতিক্ৰিয়াৰ জোৱাৰ তুলিছিল।

Related Articles