এইচ ডি এফ চি বেঙ্ক মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ২দিনীয়া মেগা লোন মেলা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সম্পন্ন

এইচ ডি এফ চি বেঙ্ক মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত ২দিনীয়া মেগা লোন মেলা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা এইচ ডি এফ চি বেঙ্কৰ শাখা প্ৰবন্ধক ধ্ৰিতিমান দত্তই সংবাদমাধ্যমক জানিবলৈ দিয়া অনুসৰি এই মেগা লোন মেলাত পাৰ্চনেল লোন, বিজনেছ লোন , গল্ড লোন, কাৰ লোন, লোন এগেইনষ্ট চিকিওৰিটিজ, কনজ্যুমাৰ লোন, টু হুইলাৰ লোন, লোন অন ক্ৰেডিট কাৰ্ড সহ আন বহুকেইটা বিভাগত এই মেগা লোন মেলাত গ্ৰাহকে সুবিধা লব পাৰিব। আৰু দেশৰ অৰ্থনীতি সৱল কৰাত এইচ ডি এফ চি বেঙ্কৰ ভূমিকাক শলাগ লোৱাৰ লগতে মফচল অঞ্চলৰ পৰা গ্ৰামাঞ্চলৰ সমাজকো এনে সুবিধা আগবঢ়ালৈ সু পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে লোন মেলাৰ লগত সংগঠি ৰাখি স্থানীয় ব্যৱসায়ী প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় সমূহতো বেঙ্কৰ প্ৰতিনিধি উপস্থিত হৈ এই লোন মেলা সন্দৰ্ভত অৱগত কৰে।

Related Articles