চকলাঘাটত জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’ৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ সমাপ্ত…

নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটত দুদিনীয়াকৈ চকলাঘাট কাৰাটে একাডেমীৰ সৌজন্যত অনুষ্ঠিত ষষ্ঠ সদৌ অসম কুনিবা কাই কাৰাটেৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰৰ আজি সফলতাৰে সমাপ্তি ঘটিছে।চকলাঘাট ৰাস মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰটোত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে জাপান কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’ৰ মুখ্য প্ৰশিক্ষক কিউচি নাৱাল দত্তই। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক কাৰাটেকাই ভাগ লোৱা শিবিৰটোত কাৰাটেড’ৰ কুমিটে আৰু কাটাৰ বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়া হয়। বিশিষ্ট ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাই কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা শিবিৰটোত মুখ্য প্ৰশিক্ষক নৱাল দত্তৰ লগতে চিহান বিপুল দাস,চেনচেই বিপুল ভড়ালী,চেনচেই পংকজ কুমাৰ মুদৈ,বসন্ত নাথ,জগত কলিতা,গোপাল শীল আৰু নিত্য কুমাৰ পাটৰে প্ৰশিক্ষণত সহযোগিতা আগবঢ়াই।

প্ৰশিক্ষণৰ শেষত চকলাঘাট কাৰাটে একাডেমীৰ সভাপতি বিপ্লৱজ্যোতি ডেকা আৰু সম্পাদক তথা চেনচেই পংকজ কুমাৰ মুদৈৰ সামগ্ৰিক পৰিচালনাত কবি সঞ্জীৱ সাগৰ চৌধুৰীয়ে আঁত ধৰা সামৰণি অনুষ্ঠানত কিউচি নৱাল দত্ত,ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা,সাংবাদিক জয়ন্ত মুদৈ আৰু কল্যান কুমাৰ বৰাই ভাষণ প্ৰদানৰ লগতে সমাজকৰ্মী দিপেন বৰা,ৰিণ্টু শৰ্মা,ভাৰত ভূঞা,ৰিঞ্জুমনি বনিয়া,জোন হাজৰিকা আদি উপস্থিত থাকে । শিবিৰটোতে অনুষ্ঠিত গ্ৰেডিং পৰীক্ষাত পঞ্চম ডান ব্লেকবেল্টধাৰী চেনচেই পংকজ কুমাৰ মুদৈক চিহান উপাধি প্ৰদান কৰা হয়। ইয়াৰোপৰি সেই অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক জাপান  কাৰাটে ড’ কুনিবা কাই ইণ্ডিয়া হনব’,অসমৰ তৰফৰ পৰা বিভিন্ন শাখাৰ বেল্ট তথা প্ৰশংসাপত্ৰ বিতৰণ কৰা হয়।

Related Articles