আজি বিশ্ব চাহ দিৱস।মৰিয়নিৰ চেলেংহাট স্থিত পুঞ্জয় অৰ্গেনিক টীয়ে বিশ্ব চাহ দিৱসৰ দিনটোত পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুপ্ৰসাদ গগৈয়ে ব্যক্তিক্ৰমী ধৰনে উদযাপন কৰে। অচ্যুৎপ্ৰসাদ গগৈয়ে বিশ্ব চাহ দিৱস উপলক্ষে পথচাৰীৰ মাজত বিনামূলীয়াকৈ লক্ষাধিক মূল্যৰ জৈৱিক গ্ৰীণ টি বিতৰন কৰে। উল্লেখ যে, ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিকৰ নামৰ বেণ্ডত জৈৱিক গ্ৰীণ টীৰ লগতে আনকেইবা প্ৰকাৰৰ চাহ প্ৰস্তুত কৰি আহিছে।
অচ্যুৎ প্ৰসাদ গগৈৰ দ্বাৰা উৎপাদিত চাহ দেশে বিদেশেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে আজি দিনটোতে চেলেংহাটত উপলব্ধ হোৱাকৈ জৈৱিক চাহ আৰু জৈৱিক কৃষি প্ৰযুক্তি বিধান আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচুসাৰ, গোমূত্ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা জৈৱিক সাৰ বিক্ৰীৰ এখন বিপনীও মুকলি কৰে।