Breaking

ডিমা হাছাওৰ ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ আৰু বৰ্তমানৰ অৱস্থা বুজ লয় হিমন্ত বিশ্ব শৰ্মাই…

0 1,065

ডিমা হাছাও জিলা বৰষুণ আৰু ভূমিস্খলনৰ ফলত পথৰ ক্ষতিকে ধৰি বিভিন্ন দিশত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। আজি ডিমা হাছাও জিলা ভ্রমণৰ এক অংশ হিচাপে ভূমিস্খলনৰ ফলত হোৱা জিলাখনৰ প্ৰাথমিক ক্ষয়-ক্ষতিৰ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় হিমন্ত বিশ্ব শৰ্মা ৷ বৈঠকত জিলাখনত তাৎক্ষণিকভাৱে পূৰ্ণস্তৰত যোগাযোগ ব্যৱস্থা পুনৰ আৰম্ভ কৰাৰ পোষকতা কৰাৰ লগতে ক্ষতিগ্ৰস্ত পথসমূহৰ পুনৰুদ্ধাৰৰ দিশতো গুৰুত্ব প্ৰদান কৰে । এই দুর্যোগৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদক বৰ্তমানৰ সংকটৰ পৰা মুক্ত কৰিবলৈ পৰ্যাপ্ত পুঁজিৰে সহায় কৰাৰ আশ্বাস প্রদান কৰে হিমন্ত বিশ্ব শৰ্মাই ।

তদুপৰি সমগ্র বিষয়টোৰ স্থায়ী সমাধান বিচাৰি উলিওৱাৰ সন্দৰ্ভতো  কাম তৰি  আছোঁ, বুলি কয় হিমন্ত বিশ্ব শৰ্মাই যাতে ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন প্ৰতিহত কৰিব পৰা যায়।পর্যালোচনা বৈঠকখনত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য শ্ৰীদেবলাল গাৰ্লোছা,  বিধায়িকা শ্ৰীনন্দিতা গাৰ্লোছা, পৰিষদৰ অধ্যক্ষা শ্ৰীৰাণু লাংথাছা, ৰাজ্যৰ মুখ্য সচিব শ্ৰীজিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব  শ্ৰীসমীৰ কুমাৰ সিনহা, পৰিষদৰ প্ৰধান সচিব শ্ৰী টি টি ডাউলাগপুকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.