হাজো উণ্ণয়ন খণ্ড কাৰ্যলয়ত অসম চৰকাৰৰ মাইক্ৰফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণ ৰেহাইৰ চেক প্ৰদানঃ শ শ মহিলাৰ দীঘলীয়া শাৰী

হাজোত মাইক্ৰফাইনেন্স ঋণ ৰেহাইৰ চেক নিবলৈ হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উবুৰি খাই পৰিছে হেজাৰ হেজাৰ মহিলা। অসম চৰকাৰৰ এটি দৰদী পদক্ষেপত উচাহৰ ঢল মহিলাৰ মাজত।কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজো উণ্ণয়ন খণ্ড কাৰ্যলয়ত অসম চৰকাৰৰ মাইক্ৰফাইনেন্স উদগনি ও সকাহ আঁচনিৰ অধীনত হাজো উণ্ণয়ন খণ্ডৰ উদ্যোগত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ চেক বিতৰণ কৰি থকা হৈছে। আজি ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ মহিলাৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়।

ই নিশ্চিতকৈ দুখীয়া মহিলাসকলৰ মাজত ইতিবাচক খবৰ ৰূপে বিবেচিত হৈছে। অসম চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এনে অভিলাষী পদক্ষেপৰে মাইক্ৰফাইনেন্সৰ ঋণ লোৱা মহিলা সকল নিশ্চয়কৈ উপকৃত হ’ব পাৰিব বুলি অাশা প্ৰকাশ কৰিছে হিতাধিকাৰী সকলে।

Related Articles