Breaking

বানত ক্ষতিগ্ৰস্থ হোৱা লোকক খাদ্য বিতৰণ জমিয়ত উলামাৰ…

0 1,085

প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্থ হোৱা হোজাইৰ দক্ষিণ লস্কৰ পশ্চিম ফৰমা গাঁৱৰ লোকক অসম ৰাজ্যিক জমিয়ত উলামাৰ হোজাই জিলা জমিয়ত সমিতিৰ অধীনস্থ পাবিজুৰী আঞ্চলিক জমিয়ত সমিতিৰ  তৰফৰ পৰা আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে। ৰাজ্যৰ প্ৰায় ২৬ খনকৈ জিলা বানৰ সংহাৰী ৰূপত ডুব যোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। অবৰ্ণনীয় বানৰ এই সংহাৰী ৰূপে হোজাই জিলাত চলাইছে বৃহৎ তাণ্ডৱ। বানপানীৰ এই তাণ্ডৱত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হোজাই জিলাৰ শ শ গাঁৱৰ খেতি পথাৰকে ধৰি দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ বাৰী তচনচ কৰে। বানপানীৰ তাণ্ডৱৰ ফলতে ক্ষতিগ্ৰস্থ হোৱা লোক উপায়হীন হৈ শিবিৰত থাকিবলগীয়া হয়। লগতে খাদ্যৰ নাটনিত হাহাকাৰ কৰিবলগীয়া হৈছে বানপীডিত লোক ।তেনে সময়ত হোজাই জিলা জমিয়ত সমিতিৰ অন্তৰ্গত পাবিজুৰী আঞ্চলিক জমিয়ত সমিতিৰ  তৰফৰ পৰা বানপিডীত লোক সকলক কিছু পৰিমাণে সকাহ দিবলৈ দক্ষিণ লস্কৰ পশ্চিম ফৰমা গাঁৱৰ প্ৰায় ১৭০ টা পৰিয়ালক খাদ্যৰ টোপোলা বিতৰণ কৰে। পাবিজুৰী আঞ্চলিক জমিয়ত সমিতিৰ উদ্যোগত বিতৰণ কৰা  খাদ্য সামগ্ৰীয়ে অলপ হ’লেও সকাহ পাব  দুখীয়া দৰিদ্ৰ  ৰাইজে।

পাবিজুৰী আঞ্চলিক জমিয়ত সমিতিৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যত সংগ দিয়ে  অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক মৌলানা কলিম উদ্দিন লগতে উপস্থিত থাকে পাবিজুৰী আঞ্চলিক জমিয়ত সমিতিৰ সভাপতি মৌলানা নিজামুদ্দিন কাছিমী, উপ-সভাপতি ৰুহুল আমিন, মৌলানা অলিউৰ ৰহমান, মবৰুল হুছেইন, ইকবাল হুছেইন আৰু মেহবুব হুছেইনক । ইপিনে অসম ৰাজ্যিক জমিয়ত উলামাৰ সম্পাদক মৌলানা কলিম উদ্দিনে কয় হৃদয়বান ব্যক্তি তথা দল সংগঠনে হোজাই জিলাৰ দক্ষিণ লস্কৰ পশ্চিম ফৰমা গাঁৱৰ বানপিডীত লোক সকলক সহায় কৰিবলৈ অনুৰোধ কৰে।

Leave A Reply

Your email address will not be published.