গৰমৰ দিনত নিজকে কেনেকৈ সুস্থ ৰাখিব

গৰমৰ প্রকোপত সৰ্বশৰীৰ ঘামেৰে লুতুৰি – পুতুৰি হৈ পৰিলেও এই সময়ছােৱাৰ ধনাত্মক দিশ নিশ্চয়কৈ আছে । গ্রীষ্মকালৰ আগমনৰ লগে লগে আমাৰ চৌদিশৰ পৰিৱেশ সেউজীয়া হৈ পৰে । গছ – গছনিত ফুল ফুলে , গৰমকালি সহজলভ্য হােৱা আম , কঁঠাল আদি ফলমূলবােৰ গছবােৰত মােক খা , মােক খা কৰি লাগি জাতিষ্কাৰ হৈ থাকে । বিছা , কেৰেলুৱা আদি নানা ধৰণৰ কীট- পতংগৰ সংখ্যা বাড়ে । আনুষংগিকভাৱে হােৱা বৃষ্টিপাতৰ হেতুকে নৈ , বিল , খাল – ডাং আদি পানীৰে উপচি পৰে। তদুপৰি বানপানীৰ দৰে প্রাকৃতিক দুর্যোগৰ শংকাই সর্বসাধাৰণক মানসিক পীড়া দিয়ে। বিশুদ্ধ পানীৰৰ অভাৱ ঘটিব পাৰে।

প্রকৃতিসৃষ্ট এনে এক পৰিৱেশ তথা পৰিস্থিতিৰ মাজতে নানাধৰণৰ গ্ৰীষ্মকালীন দৈহিক অস্বাভাৱিকতাৰ সৃষ্টি হয় । এইবােৰ ৰােগৰ প্রাদুর্ভাৱ ছেগা – চোৰােকাকৈ সামগ্রিকভাৱে গােটেই বছৰটিতেই থাকে যদিও গৰমৰ দিনকেইটাত ৰােগবােৰৰ তীব্রতা তথা আক্রান্ত ব্যক্তিৰ সংখ্যা ভালেখিনি বাঢ়ে । এনেবােৰ ৰােগৰ ভিতৰত উল্লেখনীয় হৈছে- পেটৰ নানা ৰােগ , পানী লগা জ্বৰ , মেলেৰীয়া , টাইফয়েড ৰােগ । তদুপৰি লিভাৰৰ নানা ৰােগৰ বাবে । জণ্ডিচ ‘ বা পাণ্ডু নামৰ উপসর্গটিৰ ( ৰােগ নহয় ) সৃষ্টি হ’ব পাৰে । আনহাতে ঘামচি বা ভেকুঁঘটিত ( Fungal Infection ) কাৰকৰ বাবে নানা ধৰণৰ ছালৰ ৰােগৰ প্রার্দুভাৱাে এই সময়ত বাড়ে । পেটৰ বিভিন্ন ৰােগ বুলিলে এমিবিয়াছিছ বা এমিবিক ডিচেণ্ট্ৰী , ডায়েৰীয়া বা পেটচলা ৰােগ আৰু বেছিলাৰী ডিচেণ্ট্ৰী নাম উল্লেখনীয় । ৰােগীয়ে বাৰম্বাৰ শৌচ কৰে আৰু শৌচৰ প্রকৃতি পানীৰ লেখীয়া হয় । শেহােক্ত বােগবিত শেীচৰ লগত তেজৰ নির্গমন ঘটে । শৌচৰ লগত শৰীৰৰ তৰল দ্রব্যসমূহৰ বহিঃগমনৰ হেতুকে ৰােগীৰ ওঁঠ – মুখ শুকাই নির্জলীভৱন ( Dehydration ) অৱস্থাত আক্রান্ত হয় । অৱস্থাৰ অৱনতি ঘটিলে ( অর্থাৎ চিকিৎসাৰ প্ৰতি ৰােগীৰ শৰীৰে সঁহাৰি নেদেখুৱালে বা চিকিৎসা আৰম্ভ কৰাত পলম হলে ) ৰােগীৰ Shock ( শ্বক ) নামৰ এবিধ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় । চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এই অৱস্থাটিক Periph- eral Circulatory Failure বােলে । এই অৱস্থাত ৰােগী অত্যন্ত দুর্বল হৈ পৰে আৰু বুকুৰ ধপধপনি অনুভূত হােৱাৰ লগতে হাত- ভৰি চেঁচা পৰি যায় । এই সময়ত দেখা দিয়া চিহ্নবােৰ ( Signs ) হৈছে ৰক্তচাপৰ মাত্রা বা নিৰিখৰ অৱনতি , প্রস্রাৱৰ পৰিমাণ হ্রাস , শৰীৰৰ পৰা অত্যধিক মাত্রাত ঘাম নির্গমন ,নাড়ীৰ গতি দ্রুততৰ হৈ Rapid Thready Pulse নামৰ এক অৱস্থাৰ সৃষ্টি হয় ।

আমাৰ মাজত প্রচলিত ভ্রান্ত ধাৰণাটি হৈছে যে পেটৰ অসুখ হ’লে গাখীৰ খাব নালাগে । গাখীৰৰ জৰিয়তে যিকোনাে ব্যক্তিয়েই বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত প্ৰ’টিনৰ উপৰি কেলছিয়ামক ধৰি নানা খনিজ দ্রব্য আহৰণ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে উল্লিখিত কাৰণবশতঃ যদিও পেটৰ ৰােগত আক্রান্ত কোনাে ব্যক্তিয়ে গাখীৰ খাবলৈ অসমর্থ হয় তেনেহলে তেওঁলােকে কমকৈ সিদ্ধ কৰা কণীৰ কুহুম , দাইলৰ পানী , তাকৰীয়া মাত্ৰাত তেল ব্যৱহাৰ কৰি ৰন্ধা মাছ আদি খােৱা যুগুত । থিন এৰাৰুট বিস্কুট বা হাততে পােৱা কটা বিস্কুটকে ধৰি বিভিন্ন ধৰণৰ খাদ্যসামগ্রীও গ্ৰহণ কৰিব পাৰি যিবােৰ নেকি সহজ পাচ্য আৰু সহজতে উপলব্ধ । তদুপৰি চেঁচা পানীত নেমুটেঙাৰ ৰসৰ সৈতে আধা চামুচ চেনি আৰু নিচেই যৎসামান্য নিমখ মিহলাই প্ৰস্তুত কৰা দ্ৰৱণাে এইসকল ৰােগীৰ বাবে পথ্য হিচাপে বিশেষভাৱে উপযােগী । গেষ্ট্রোএণ্টেৰাইটিছ হৈছে আন এবিধ ৰােগ যত নেকি ৰােগীয়ে বাৰম্বাৰ শৌচ কৰিবলগীয়া হয় । গ্রীষ্মকালি প্ৰখৰ ৰ’দৰ প্রভাৱত ছালখন পােৰে ( Sun Burn ) আৰু ছালৰ বৰণ কলচীয়া হয় । অত্যধিক ঘামৰ নির্গমন ঘটি দেহৰ ভিতৰত নির্জলীভৱন অৱস্থাৰ সৃষ্টি হয় । ঘামচিক সংস্কৃত ভাষাত পীড়িকা বা ৰাজিকাও বােলে । অত্যধিক গৰমৰ বাবে নিচেই সৰু গুটিসদৃশ ঘামচিৰ সৃষ্টি হয় । ই খজুৱতিৰ সৃষ্টি কৰে । খজুৱতিৰ ফলত ছালৰ বৰণ ৰঙচুৱা হয় আৰু জুলা – পােৰা হ’ব পাৰে । এজন প্রাপ্তবয়স্ক মানুহৰ শৰীৰত আনুমানিক ২০ লাখ ঘর্মগ্রন্থি থাকে । অর্থাৎ প্রতি বর্গ ইঞ্চি ছালত প্রায় ২৫০০ ঘর্ম গ্রন্থি থাকে এইবােৰৰ সৰহভাগেই আছে হাত আৰু ভৰিৰ ছালত । এইবােৰৰ জৰিয়তে শৰীৰৰ পৰা ঘামৰ নির্গমন ঘটি তেজৰ স্বচ্ছতা অটুট থাকে।

প্ৰখৰ ৰদত ভালেমান সময় থাকিবলগীয়া হ’লে দৈহিক উত্তাপ বাঢ়ে Hyper Rthermia ) দেহৰ পৰা নানা খনিজ দ্রব্য পানীৰ লগত ঘামৰ জৰিয়তে ওলাই যায় । ফলত নির্জলীভৱনৰ সৃষ্টি হৈ ইতিমধ্যে বর্ণিত শক নামৰ অৱস্থাটিৰ সৃষ্টি হ’ব পাৰে । এই সময়ত দৈহিক দুর্বলতা তথা ক্লান্তিবােধে গ্রাস কৰে আক্রান্ত ব্যক্তিক । শেহতীয়াভাৱে গ্রীষ্মকালি সৃষ্টি হােৱা বৰষুণৰ বতৰত বিশেষভাৱে উজনি অসম অঞ্চলত দেখা দিয়া এবিধ ৰােগ হৈছে জাপানীজ এনকেফেলাইটিছ । মহৰ কামােৰৰ জৰিয়তে এই ৰােগৰ বীজাণু বিয়পে । মগজু আক্রাজ হােৱা বাবে মারাত্মক পৰিণতিৰ পিনে আগুৱাই যায় । বুজনসংখ্যক ৰােগীৰ মৃত্যু হয় । শিশুৰ ক্ষেত্ৰত প্ৰতিষেধক ছিটা অতিকৈ কাৰ্যকৰী । অৱশ্যে এবছৰলৈকে কার্যক্ষম হৈ থাকে । চৰকাৰী উদ্যোগত এই ছিটা বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

Related Articles