গেলেকী চিকিৎসালয়লৈ অ’ এন জি চিৰ দুখন এম্ব’লেঞ্চ প্ৰদান

প্ৰায় ৬ – ৭ বছৰ ধৰি নাজিৰা আৰু গেলেকী চিকিৎসালয়ৰ অন্তৰ্গত ৰাইজৰ ব্যাপক সমস্যাৰ প্ৰতি শেহতীয়াকৈ সঁহাৰি জনাইছে ” তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদ ” ( অ’ এন জি চি ) কৰ্তৃপক্ষই । নাজিৰাৰ ৰাইজ ,  কেইজনমান সংবাদসেৱী , নাজিৰা নগৰস্থ চিকিৎসালয়ৰ তদানীনন্তন চিকিৎসা বিষয়া ডাঃ সত্যজিৎ দত্ত , স্বাস্থ্য কৰ্মী ফইজুন ৰহমানকে ধৰি ভালেকেজনৰ কেইবাবছৰ ধৰি নিগম কৰ্তৃপক্ষক আবেদন কৰি আহিছিল যদিও বিভিন্ন কাৰণত সেয়া সফল হোৱা নাছিল ।

ইয়াৰ পিছতো ৰাইজ , স্বাস্থ্য বিষয়া – কৰ্মীসকলে সেই প্ৰচেষ্টাৰ পৰা আতৰি নাহি পুনৰ যোৱা ৭ – ৮ মাহ ধৰি চেষ্টা কৰি থকাৰ অন্তত নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপৰ তৎপৰতাত অ’ এন জি চিৰ অসম সম্পদ কৰ্তৃপক্ষই মানৱ সম্পদ বিভাগৰ আঁচনিৰ অধীনত অৱশেষত আজি নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয় আৰু গেলেকী চিকিৎসালয়লৈ দুখনকৈ এম্ব’লেঞ আগবঢ়ায় ।

এই উপলক্ষে নাজিৰা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত মহকুমাধিপতি সব্যসাচী কাশ্যপ , নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক আৰ কে শৰ্মা , মানৱ সম্পদ বিভাগৰ মুখ্য প্ৰৱন্ধক এম গনেশ্যন , ডি জি এম আমনদ্বীপ সিঙ , নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত , শিক্ষাবিদ ৰাজেন শৰ্মা , নাজিৰাৰ পৌৰপতি বৰ্ণালী চেতিয়া আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিগম কৰ্তৃপক্ষই এম্ব’লেঞ দুখন আনুষ্ঠানিক ভাৱে আগবঢ়ায় ।

গোপাল বৰুৱাই আঁতধৰা অনুষ্ঠাটোতেই উক্ত এম্ব’লেঞ দুখন সুচাৰুৰূপে পৰিচালনাৰ বাবে নাজিৰা আৰু গেলেকী ব্যৱসায়ী সন্থাক দায়িত্ব ন্যস্ত কৰা হয় ।

Related Articles