ধুবুৰীৰত নিশা দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুত্বৰ ভাৱে আহত মহিলা

ধুবুৰীৰ ১১নং ৱাৰ্ডৰ বাহাদুদটাৰীত নিশা দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈ মহিলা সহ দুজন লোক গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় ৰাইজৰ অভিযোগ মতে ৰাম প্ৰসাদ দাস নামৰ যুৱক জনে বিষ্ণু দাসৰ ঘৰতে আহি বিষ্ণু দাসক আৰু তেওঁৰ পত্নী জয়মতী দাসক লোহাৰ ৰটেৰে মূৰত আঘাত কৰে। স্থানীয় ৰাইজে ৰাম প্ৰসাদ দাসক আটক কৰি ধুবুৰী আৰক্ষীক গতাই দিছিল, কিন্তু আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক এৰি দিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰে। এই ঘটনা সন্দৰ্ভত বিষ্ণু দাস নামৰ ব্যাক্তি গৰাকীয়ে ধুবুৰী সদৰ থানাত এখন এজাৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে।

বৰ্তমান বিষ্ণু দাসৰ পত্নী জয়মতী দাস ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। পুনৰ ধুবুৰী আৰক্ষীয়ে ৰাম প্ৰসাদ দাসক আটক কৰিবলৈ ১১ নং ৱাৰ্ডত উপস্থিত হয় যদিও যুৱক জনক আটক কৰিবলৈ সক্ষম হোৱা নাই। যোৱা কিছুদিন পূৰ্বে ৰাম প্ৰসাদ দাসক ধুবুৰী আৰক্ষীয়ে গানজা বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল বুলি মন্তব্য আগবঢ়ায় স্থানীয় ৰাইজে।

Related Articles