প্ৰকৃতিয়ে নাৰীক এক অনুপম শক্তি উপহাৰ দিছে। ইয়াৰ ফলস্বৰুপে নাৰীয়ে সন্তান জন্ম দি ধৰণীত মানৱ জীৱন সম্ভৱ কৰিছে। এজনী ছোৱালীৰ দহৰ পৰা তেৰ বছৰমান বয়স হোৱাৰ লগে লগে তাইৰ শৰীৰত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে। এই সময়ছোৱাতে ছোৱালীজনীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হয়।
তেতিয়াৰ পৰা ৪৫-৫০ বছৰমানলৈ ঋতু বন্ধ বা মেন’পজ নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়া চলি থাকে আৰু নাৰীৰ সন্তান জন্ম দিব পৰা ক্ষমতা অটুট থাকে।
১) মাহেকীয়াৰ সময়ত দানাযুক্ত, আঁহযুক্ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। বুটমাহ, দাইল, মাহ, চয়াবিন, মাখন, গাখীৰ আদি প্ৰটিনযুক্ত খাদ্য উপযুক্ত হাৰত খাব লাগে। শাক-পাচলি , ফলমুল, বাদাম, চিড যথেষ্ট পৰিমাণে খাব লাগে। চাহ, কফি, শীতল পানীয় কমাই খাব লাগে নতুবা বৰ্জন কৰিব লাগে। এই সময়ছোৱাত পাতলীয়াকৈ সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে।
২) পাতলীয়া ব্যায়াম, খোজকঢ়া আদিৰ জৰিয়তে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ আৰু অন্যান্য কষ্টসমুহৰ পৰা পৰিত্ৰাণ পাব পাৰি। আনহাতে ব্যায়াম কৰিলে চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থ নি:সৰণ হয়। ই মন প্ৰফুল্লিত কৰে।
৩) আজিৰ আধুনিক যুগত মাহেকীয়া ঋতুস্ৰাৱক লৈ দৃষ্টিভংগী সলাবৰ হ’ল। এতিয়া আৰু এইকেইটা দিনত মহিলা আৰু কিশোৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ অযুক্তিকৰ নিয়ম মানি থকাৰ দিন নাই। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰ আৰু পাতলীয়া ব্যায়ামৰ দ্বাৰা ঋতুস্ৰাৱৰ সময়ত হোৱা কষ্ট আৰু অসুবিধা লাঘৱ কৰি কিশোৰী আৰু মহিলাসকলে এটা স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিব পাৰে।