শিৱসাগৰৰ শিমলুগুৰি ৰে’ল জংচনত ৰে’লৱে সুৰক্ষা বাহিনী SPECIAL TASK FORCE TEAMৰ অভিযান

নাক্ৰটিক ড্ৰাগছ সৰবৰাহৰ বাবে দুষ্ট চক্ৰৰ আহিলা হৈ পৰিছে পৰিবহণ ব্যৱস্থা। শিৱসাগৰ জিলা নাজিৰাৰ শিমলুগুৰি ৰে’ল জংচনত ৰে’লৱে সুৰক্ষা বাহিনী SPECIAL TASK FORCE TEAMৰ অতৰ্কিত অভিযান। সি লাগে বাহন নতুবা ৰে’লেই নহওক কিয়নো দুষ্ট চক্ৰই অতি সহজলভ্য আৰু সুবিধাজনক ভাৱে ড্ৰাগছ সৰবৰাহত এই দুটা মূল পৰিবহন ব্যৱস্থায়ে অৰিহনা যোগাই অহাটো নুই কৰিব নোৱাৰি । উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছৰ পৰা কিছু সময়ৰ পূৰ্বে প্ৰায় ডেৰ কোটি টকা মান মূল্যৰ ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে । এনকাউণ্টাৰকো কেৰেপ নকৰা হৈছে দুধৰ্ষ অপৰাধীয়ে।

ইয়াৰ বাবে আমাৰ সমাজ ব্যৱস্থাটো অতিকৈ জগৰীয়া । ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ডাইমণ্ড বৰুৱা আৰু ৰাহুল দাস। প্ৰায় ডেৰ কোটি টকা মান মূল্যৰ ড্ৰাগছ জব্দ কৰে ৰে’লৱে সুৰক্ষা বাহিনী SPECIAL TASK FORCE TEAM এ। জানিব পৰা মতে ডিমাপুৰ পৰা মাৰ্ঘেৰিটালৈ সৰবৰাহ কৰিছিল এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

Related Articles