চৰকাৰী বঞ্চনাৰ প্ৰকৃত স্বৰূপ উদঙালে অপ্ৰদেশিকৃত বিষয় শিক্ষকৰ পুত্ৰই! আৰ্থিক দৈন্যতাক নেওচি দেখুৱালে আদৰ্শ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৰঙ্গিপাৰা গাঁৱৰ নিখিলেশ ডেকাই গাঁৱখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

চৰকাৰী বঞ্চনাৰ প্ৰকৃত স্বৰূপ উদঙালে অপ্ৰদেশিকৃত বিষয় শিক্ষকৰ পুত্ৰই! আৰ্থিক দৈন্যতাক নেওচি দেখুৱালে আদৰ্শ।

নলবাৰী জিলাৰ দৰঙ্গিপাৰা গাঁৱৰ এজন ছাত্ৰৰ কৃতিত্ব বৰক্ষেত্ৰী কণিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ অপ্ৰদেশীকৃত বিষয় শিক্ষক বীৰেন চন্দ্ৰ ডেকা আৰু একেখন মহাবিদ্যালয়ৰে logic and philosophy ৰ বিষয় শিক্ষয়িত্ৰী –ৰ পুত্ৰ নিখিলেশ ডেকাই দৰঙ্গিপাৰা গাঁৱখনলৈ সুনাম কঢ়িয়াই আনিছে।

সমাজকৰ্মী দুৰ্গা ডেকাই আজি ছাত্ৰজনৰ গৃহলৈ গৈ তেওঁলোকৰ পৰিয়ালটি আৰু ছাত্ৰজনৰ লগত মত বিনিময় কৰে।

নিখিলেশে কোনো এটা বিষয়ত টিউশ্যন নোলোৱাকৈয়ে ইংৰাজীত ১০০ নম্বৰ, সাধাৰণ গণিতত ৯২ নম্বৰ, উচ্চ গণিতত ১০০ নম্বৰ,সমাজ বিজ্ঞানত ৯৬ নম্বৰ,সাধাৰণ বিজ্ঞানত ৯৮ আৰু অসমীয়া বিষয়ত ৮৮ নম্বৰ লাভ কৰে ।

এটকাও দৰমহা নোপোৱা শিক্ষক পিতৃ বীৰেন চন্দ্ৰ ডেকাৰ পুত্ৰই অধ্যয়ন কৰে তেওঁলোকৰ জৰাজীৰ্ণ ৰান্ধনী গৃহটোত।

আৰ্থিক দৈন্যতাত পৰি তেওঁৰ পুত্ৰই অধ্যয়নৰ বাবে প্ৰয়োজনীয় সা-সুবিধা লাভ নকৰিলে।

Related Articles