তাঁতশালত কাপোৰ বয় , দিন হাজিৰা কৰি লিখা পঢ়া কৰা অনামিকা খাতুন জিলিকিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

ধুবুৰীত তাঁতশালত কাপোৰ বনাই দিন হাজিৰা কৰি লিখা পঢ়া কৰা অনামিকা খাতুনে মেট্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ দাঙি ধৰিলে এক নিদৰ্শন ।

ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সন্তান হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকা খাতুনে তাঁতৰ কাপোৰ বনাই দিন হাজিৰা কৰি নিজে পৰিয়াল চলাই লিখা পঢ়া কৰি অতি কষ্টৰে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ 69% লাভ কৰিবলৈ সক্ষম হৈছে।

তাই শিক্ষাৰ বাবে সকলো দৰিদ্ৰতা নেওচি সফলতাৰে লক্ষ্যত উপনীত হোৱা বাবে অঞ্চলবাসী আনন্দিত হৈছে। আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শৰিফুল ইছলাম প্ৰধনী লগতে প্ৰাক্তন উপ সভাপতি সাহীন জাবেদ আহমেদে ছাত্ৰী গৰাকীৰ ঘৰত গৈ সম্বৰ্ধনা জনাই আগন্তুক দিনত যাতে আৰু অধিক সুন্দৰ ফলাফল কৰি অঞ্চললৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে ছাত্ৰী গৰাকীক উৎসাহিত কৰি আৰ্শীবাদ কৰে ।

Related Articles