ৰতবৰ্ষত ভালেমান দিন ধৰি একশ্ৰেণীৰ হিন্দুধৰ্মৰক্ষকে এই ধৰ্ম ৰক্ষাৰ বাবে আন ধৰ্মাৱলম্বীক, বিশেষকৈ ইছলামধৰ্মী সকলক আৰু কিছু পৰিমাণে খ্ৰীষ্টান সকলক, ভাবুকি আৰু আক্ৰমণৰ লক্ষ্য কৰি লৈছে। শাসকদলে এওঁলোকক সংযত কৰিবলৈ বিশেষ চেষ্টা কৰা নাই, আৰু প্ৰশাসনিক ব্যৱস্থাও এনেধৰণৰ কাৰ্যক বাধা দিয়াৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত হোৱা দেখা গৈছে । বৰং প্ৰশাসনে বহুসময়ত এনে ঘটনাৰ প্ৰতি ইঙ্গিতপূৰ্ণ সহযোগিতাৰ ব্যৱস্থা কৰি আহিছে।ধৰ্মীয় সংখ্যালঘূসকল ভয়ত পেপুৱা লাগিলেও মাজে মাজে তেওঁলোকে প্ৰত্যাহ্বান নকৰাকৈ থকা নাই। যি প্ৰশাসনে সংখ্যাগুৰুৰ আইন-শৃঙ্খলাবিৰোধী কামৰ প্ৰতি আওকণীয়া হৈ পৰিছে, সেই প্ৰশাসনে কিন্তু সংখ্যালঘূৰ আইন-শৃঙ্খলাবিৰোধী কাৰ্য্যৰ বিৰুদ্ধে তৎপৰতাৰে ব্যৱস্থা লৈছে। অৱশ্যেই সামাজিক উচ্ছৃঙ্খলা ৰোধ কৰাটো আইন-শৃঙ্খলাৰ দায়িত্বত থকা সকলৰ কৰ্তব্য। কিন্তু আইন-শৃঙ্খলা ভঙ্গ কৰা কাৰকবোৰ যদি সংখ্যাগুৰুসকলৰ পৰা উৎপন্ন হয় সেইবোৰলৈ উদাসীন দৃষ্টি দি প্ৰশাসনে শান্তি অটুট ৰাখিব নোৱাৰে। কাৰ অদৃশ্য ইঙ্গিতত প্ৰশাসনৰ এই নিষ্ক্ৰিয়তা বা একপক্ষীয় দৃষ্টিভংগী আঙুলিয়াই দিয়াৰ প্ৰয়োজন নাই।
অলপতে শশী থাৰুৰে এঠাইত চৰকাৰলৈ আঙুলিয়াই দিছে যে দেশৰ ভিতৰৰ ধৰ্মান্ধতাৰ প্ৰতিক্ৰিয়া দেশৰ বাহিৰত হয়। এই কথাৰ প্ৰসঙ্গ হ’ল শাসকদলৰ এগৰাকী মুখপাত্ৰই দৃশ্যমাধ্যমত হজৰত মহম্মদক লৈ কৰা এক অতি নিকৃষ্ট মন্তব্য আৰু আন এজনৰ সামাজিক মাধ্যমত কৰা একেধৰণৰ মন্তব্যৰ বিৰুদ্ধে আমাৰ ওচৰ-পাজৰৰ ভালেকেইখন মুছলিম ধৰ্মাৱলম্বী দেশত হোৱা প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়া ব্যাপক হৈছে আৰু এই দেশবোৰৰ লগত থকা ভাৰতৰ কূটনৈতিক সম্পৰ্কও বাধাগ্ৰস্ত হ’বলৈ ওলাইছে।
এইটো কেৱল এটা ঘটনাৰ প্ৰতিক্ৰিয়াই নহয়। যিবোৰ সংখ্যালঘুবিৰোধী কাৰ্যত আমাৰ দেশৰ একশ্ৰেণী ধৰ্মান্ধ মানুহ তৎপৰ হৈ আছে, তেওঁলোকৰ এজেণ্ডাবোৰ বিদেশী ৰাষ্ট্ৰৰ চকুত পৰা নাই বুলি ভাবিলে ভুল হ’ব। কিছুদিন আগতে মাত্ৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰই বিভিন্ন দেশৰ ধৰ্মীয় অসহিষ্ণুতাৰ ওপৰত এখন প্ৰতিৱেদন প্ৰকাশ কৰিছে আৰু ভাৰতৰ পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতীয় উৎসৰ পৰাই সংখ্যালঘূৰ ওপৰত-বিশেষকৈ খ্ৰীষ্টিয়ানসকলৰ ওপৰত কৰা অত্যাচাৰৰ বিভিন্ন ঘটনাৰ তথ্য তাত সন্নিবিষ্ট হৈছে। এই প্ৰতিৱেদনত আমাৰ চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰা নাই, কিন্তু চৰকাৰে যে সংখ্যালঘূবিৰোধী ঘটনাবোৰ বন্ধ কৰিবলৈ তৎপৰতা দেখুওৱা নাই তাৰ আওপকীয়া ইঙ্গিত আছে। এই প্ৰতিৱেদন ভাৰত চৰকাৰে মানি লোৱা নাই, কিন্তু এনে প্ৰতিৱেদনে আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত বিৰূপ ভাবমূৰ্তি সৃষ্টি কৰি আহিছে আৰু অস্বীকাৰ কৰিয়েই এই নেতিবাচক ভাৱমূৰ্তি গুচাব নোৱাৰি।
এই শাসকদলৰ চৰকাৰৰ সময়তে বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণলৈ আহোঁতে সংবিধানলৈ আঙুলিয়াই দি ধৰ্মৰ ক্ষেত্ৰত আমাৰ দেশত ঘটা একপক্ষীয় আচৰণৰ ইঙ্গিত দি গৈছিল। বৰ্তমান চৰকাৰে এইবোৰ পশ্চিমীয়া প্ৰতিক্ৰিয়াক গুৰুত্ব দিয়া নাই- আমেৰিকান চৰকাৰৰ লগত আন্তৰ্জাতিক ক্ষেত্ৰত কূটনৈতিক স্তৰত হোৱা সহযোগিতাৰ কাৰণে। কিন্তু পশ্চিম এচিয়াৰ আৰু পূব এচিয়াৰ মুছলমান দেশত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ বিৰূপ প্ৰভাৱ ভাৰতৰ বাবে অতি ক্ষতিকাৰক হ’ব। খাৰুৱা তেলৰ কাৰণে পশ্চিম এচিয়াৰ দেশবোৰৰ ওচৰত ভাৰত আটাইতকৈ নিৰ্ভৰশীল, বুজন সংখ্যক ভাৰতীয়ই এই দেশবোৰত কাম ক’ৰে আৰু যথেষ্ঠ বিদেশী মুদ্ৰাৰ আয় দেশে এওঁলোকৰ পৰা পায়। এই দেশবোৰৰ লগত বাণিজ্যিক লেন-দেনো যথেষ্ট পৰিমাণৰ। এই নিৰ্ভৰশীলতা ভাৰতে আওকাণ কৰিব নোৱাৰে, কৰিলে ভাৰতৰেই অৰ্থনীতি ক্ষতিগ্ৰস্ত হ’ব।
বাংলাত এষাৰ কথা আছে, ‘ঠেলাৰ নাম বাবাজী’। ধৰ্মান্ধসকলক হিন্দুধৰ্ম ৰক্ষাৰ বাবে দায়িত্ব দিওঁতে এওঁলোকৰ অতিচাৰক ইমান বেছি প্ৰৰোচনা দিয়া হ’ল যে এওঁলোকে এতিয়া মুছলমানৰ সকলো ধৰ্মস্থানতে লুপ্ত শিৱলিঙ্গ বা হিন্দুমন্দিৰ আৱিষ্কাৰ কৰিবলৈ লৈছে, যাৰ কাৰণে হিন্দুৰাষ্ট্ৰৰ পোষকতা কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বোচ্চ নেতা মোহন ভাগৱত ডাঙৰীয়াইও কবলগীয়া হ’ল যে প্ৰতিটো মছজিদতে শিৱলিঙ্গ আৱিষ্কাৰ ক’ৰাৰ প্ৰয়োজন নাই। তেওঁ সুৰ মোলায়েম কৰি ক’বলগীয়া হ’ল যে ভাৰতৰ মুছলমান সকল বিদেশী নহয়। এসময়ৰ হিন্দুৰে বংশধৰ আৰু তেওঁলোক ভাৰতীয়। কিন্তু হিন্দু ৰাষ্ট্ৰ প্ৰতিস্থাৰ কাৰণে আঁচনি ল’বলৈ আৰ এছ এছেই জানো হিন্দুসকলক উৎসাহিত কৰি অহা নাই? সেই আঁচনিয়েই এতিয়া সীমা চেৰাই বহুদূৰ পালেগৈ।
মুছলমান বিদ্বেষ সৃষ্টি কৰিবলৈ প্ৰচাৰ চলোৱা হৈছে যে ভাৰতত এদিন জন্মনিয়ন্ত্ৰণ নকৰা মুছলমানৰ জনসংখ্যা ইমান বাঢ়িব যে হিন্দু নিজৰ দেশতে সংখ্যালঘূ হ’বগৈ। ১৯৫১ৰ পৰা ২০০১লৈ ক’ৰা লোকপিয়লৰ পৰিসংখ্যা ল’লে হিন্দুৰ সংখ্যা কিছু কমাৰ বিপৰীতে মুছলমানৰ সংখ্যা কিছু বাঢ়িছে। কিন্তু অচিৰেই ভাৰত মুছলমান-প্ৰধান দেশ হ’ব বুলি চলোৱা প্ৰচাৰ উদ্দেশ্য-ধৰ্মী। এটা মাৰ্কিন সন্থা পিউ ইন্সটিউটে ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যা পৰীক্ষা কৰি দেখুৱাইছে যে ১৯৫১ চনৰ লোকপিয়লৰ মুছলমান জনসংখ্যা ৯.৮ %ৰ পৰা বাঢ়ি অৱশ্যেই ২০১১ চনত ১৪.০২ % হ’ল আৰু হিন্দুৰ শতাংশ ৮৪.১%ৰ পৰা কমি ৭৯.৮% শতাংশ হ’ল। মুছলমানৰ এই বৃদ্ধি হুৰাওৰাও বৃদ্ধি নহয়। এই সুদীৰ্ঘ সময়ত ৪.৪% মুছলমান বাঢ়িছে।
কিন্তু মুছলমানসকলৰ মাজতো জন্মনিয়ন্ত্ৰণৰ সচেতনতা যথেষ্ট বৃদ্ধি পাইছে। আজিৰ ১০ জুনৰ The Times of Indiaৰ সম্পাদকীয় পৃষ্ঠাত এটা প্ৰবন্ধ লিখিছে ৰোহিত চৰনে। তেওঁ দেখুৱাইছে ২০৪৫-২০৫০চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা সৰ্বোচ্চ বৃদ্ধি পাই ১.৬ বিলিয়ন হ’ব আৰু মুছলমানৰ সৰ্বোচ্চ জনসংখ্যা মুঠ জনসংখ্যাৰ ১৮% হ’ব। তেওঁ দেখুৱাইছে ভাৰতীয় মুছলমান মহিলাৰ উৰ্বৰতা ক্ৰমাৎ হ্ৰাস পাই আহিছে আৰু এই ধাৰা থাকিলে হিন্দু আৰু মুছলমান মহিলাৰ উৰ্বৰতা সমানৰ হ’ব। ভাৰতলৈ ওচৰ-চুবুৰীয়া দেশৰ পৰা অনুপ্ৰৱেশ কৰা মুছলমানৰ সংখ্যাও কমি আহিছে আৰু আমাৰ দেশৰ শক্তিশালী নেতাই কোৱাৰ দৰে এই পৰিসংখ্যা উইপৰুৱাৰ ধ্বংসমূলক বৃদ্ধিৰ দৰে নহয়। কিন্তু পৰিসংখ্যা অপপ্ৰচাৰত এনেদৰে ব্যৱহাৰ ক’ৰা হৈছে যে দেশত মুছলমান বিদ্বেষ ঘৃণাৰ পৰ্যায় পাইছে। এনে প্ৰচাৰে সাম্প্ৰদায়িক পৰিস্থিতিক উদগনি দি আছে।